সুদীৰ্ঘ ২৪ বছৰৰ বিৰতিৰ পিছত ডিব্ৰুগড়ত ৯ম চিলড্ৰেন ফেষ্টিভেল ২০২৭ ৰ আয়োজন
চাইন অন ডেস্ক,১৭নৱেম্বৰ:
আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক। শিশু সকলৰ বৌদ্ধিক, মানসিক আৰু সাংস্কৃতিক বিকাশৰ বাবে ১৯৯৫ চনৰ পৰা ইউনাইটেড চিলড্ৰেন অৰ্গেনাইজেচন অৱ ইণ্ডিয়া চমুকৈ ‘ইউকো’ৰ উদ্যোগত আয়োজন কৰি অহা শিশু মহোৎসৱ, ২০০২ চনলৈ একেৰাহে ৮ টাকৈ বছৰ অনুষ্ঠিত হৈ থকাৰ পিছত সুদীৰ্ঘ ২৪ টাকৈ বছৰৰ বিৰতিৰ পিছত পুনৰ ২০২৭ বৰ্ষৰ ৯,২৩,২৪, আৰু ৩০ জানুৱাৰী ২০২৭ তাৰিখে চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আৰু বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাৰে অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে ইউনাইটেড চিলড্ৰেন অৰ্গেনাইজেচন অৱ ইণ্ডিয়াৰ নৰ্থ ইষ্ট ৰিজনৰ সঞ্চালক চন্দনজ্যোতি কলিতাই। ডিব্ৰুগড় মহানগৰৰ অন্তৰ্গত তিনিটাকৈ স্হান ক্ৰমে ডিব্ৰুগড় জিলা পুথিভঁৰাল, চৰকাৰী পেন্সনাৰ ভৱন আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতা, জাতীয় সংগীত পৰিৱেশন, জ্যোতি সংগীত, বিষ্ণু ৰাভা সঙ্গীত প্ৰতিযোগিতা আদিৰে “নৱম চিলড্ৰেন ফেষ্টিভেল ‘২৭ ” অনুষ্ঠিত হ’ব। নাৰ্চাৰী শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ চাৰিটা শাখাত ইউনাইটেড চিলড্ৰেন অৰ্গেনাইজেচন অৱ ইণ্ডিয়াৰ দ্বাৰা অনুষ্ঠিত হ’ব লগীয়া এই মেগা শিশু মহোৎসৱত অংশগ্ৰহণৰ বাবে প্ৰ-পত্ৰ সমূহ চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ১ তাৰিখৰ পৰা মুকলি কৰি দিয়া হ’ব। শিশু সকলৰ হৈ, অভিভাৱক সকলে অফ লাইন আৰু অন লাইন দুয়ো ধৰণেৰে “চিলড্ৰেন ফেষ্টিভেল ‘২৭ ‘ৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। ডিব্ৰুগড়ৰ থানা চাৰিআলিৰ সমীপৰ অটো প্ৰিন্টচ্ ৰ পৰা অফ লাইন ফৰ্ম সংগ্ৰহ কৰিব পাৰিব। সৱিশেষ জানিবৰ বাবে ৯৬৭৮১১৭২২৫ আৰু ৬০০১৯৬৫৭৩৮ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি ইউনাইটেড চিলড্ৰেন অৰ্গেনাইজেচন অৱ ইণ্ডিয়াৰ নৰ্থ ইষ্ট ৰিজ’নৰ সঞ্চালক চন্দনজ্যোতি কলিতাই জানিবলৈ দিছে।