...

ৰাজ্যিক যোগাসনত জগদীশ ভৰালীৰ সাফল্য

ৰাজ্যিক যোগাসনত জগদীশ ভৰালীৰ সাফল্য

চাইন অন ডেস্ক,১৬নৱেম্বৰ:

কাৰ্বি আংলং জিলাৰ ডিফুৰ কাছা ইণ্ডোৰ ষ্টেডিয়ামত ১৫ নবেম্বৰত অনুষ্ঠিত হোৱা অষ্টম ৰাজ্যিক মাষ্টাৰ যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । উক্ত খেলখনত যোগাসনৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ জগদীশ ভৰালীয়ে বয়সৰ নিৰ্দিষ্ট শাখাত দুটা সোণ আৰু এটা ৰূপৰ পদক অৰ্জন কৰে ভৰালীয়ে। ইয়াৰ আগতেও ভৰালীয়ে ৰাজ্যিক পৰ্যায়ৰ দুখন মাষ্টাৰ গেমছ প্ৰতিযোগিতা দুটা সোণ আৰু হিমাচল প্ৰদেশৰ ধৰমছালা আৰু মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত দুখন ৰাষ্ট্ৰীয় মাষ্টাৰ গেমছত দুটাকৈ স্বৰ্ণ পদক অৰ্জন কৰে ভৰালীয়ে। উক্ত দুয়োখন খেলত লাভ কৰা সোণৰ পদকৰ বাবে ভৰালীক বিষেশ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে ডিফুৰ কাছা ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অষ্টম ৰাজ্যিক মাষ্টাৰ যোগাসন প্ৰতিযোগিতাত । ডিফুৰ কাছা ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অষ্টম ৰাজ্যিক পৰ্যায়ৰ মাষ্টাৰ যোগাসন প্ৰতিযোগিতাত তিনিটা কৈ পদক লাভ কৰা ভৰালীয়ে ৬-৮ এপ্ৰিল ২০২৭ তাৰিখলৈ জম্মু কাশ্মীৰত হ’বলগীয়া নৱম ৰাষ্ট্ৰীয় মাষ্টাৰ যোগাসন প্ৰতিযোগিতালৈ প্ৰত্যক্ষ ভাবে বাছনি লাভ কৰে।
ইয়াৰোপৰি কৰিমগঞ্জত অনুষ্ঠিত হোৱা উত্তৰ পূব ভাৰতৰ এখন খেলতো ভৰালীয়ে সোণৰ পদক লাভ কৰিছিল। যোৰহাট জিলাৰ তিতাবৰত অনুষ্ঠিত হোৱা ইউনাইটেড মাষ্টাৰ যোগাসন প্ৰতিযোগিতাতো সোণৰ পদক লাভ কৰিছিল তেওঁ । এই মাহৰ ২২ তাৰিখে যোৰহাট ত অনুষ্ঠিত হ’বলগীয়া ২য় ৰাজ্যিক মাষ্টাৰ যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।
অনাগত দিনবোৰতো এইদৰেই বিজয়ৰ ধ্বজা উৰুৱাবলৈ সঙ্কল্প গ্ৰহণ কৰে খেলুৱৈ গৰাকীয়ে।
যোগাসনৰ ক্ষেত্ৰত থকা দক্ষতাৰে বাবে ২০২০ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ২০২২ চনত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত যোগাসন শিকাবলৈও ভৰালীয়ে সুবিধা লাভ কৰিছিল।

এতিয়ালৈকে ভাৰত আৰু ভাৰতৰ বাহিৰত অনুষ্ঠিত হোৱা এছিয়ান আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ১১ খন খেলৰ ১০ খন খেলতেই সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে ভৰালীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *