...

মাইজানত চোকা অস্ত্ৰৰে আক্ৰমণত ২৪ বছৰীয়া যুৱকৰ মৃত্যু

মাইজানত চোকা অস্ত্ৰৰে আক্ৰমণত ২৪ বছৰীয়া যুৱকৰ মৃত্যু

অভিযুক্তক গ্ৰেপ্তাৰ, হত্যাকাণ্ডৰ কাৰণ উদঘাটনত তদন্ত আৰম্ভ আৰক্ষীৰ

চাইন অন ডেস্ক,১১নৱেম্বৰ:

Serial killer with bloody axe

ডিব্ৰুগড়ৰ মাইজান অঞ্চলত মঙলবাৰে দিনদুপৰতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি এগৰাকী ২৪ বছৰীয়া যুৱকক হত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত যুৱকজনক মাইজান নৰ্থ লাইনৰ বাসিন্দা অমন বেৰিয়া বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, সন্তোষ ভূঞা (৩০) নামৰ এজন ব্যক্তিয়ে অমন বেৰিয়াক চোকা কুঠাৰেৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আক্ৰমণত অমন গুৰুতৰভাৱে আহত হয়। পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে তেওঁক ততাতৈয়াকৈ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় লৈ যায় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।
ঘটনাৰ পিছতে ডিব্ৰুগড় আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই অভিযুক্ত সন্তোষ ভূঞাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত কাৰণ উদঘাটনৰ চেষ্টা চলাই আছে।
আৰক্ষীৰ মতে, ঘটনাটোৰ সৈতে জড়িত আন আন দিশসমূহো তদন্তৰ আওতালৈ অনা হৈছে। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাটোৰ সৈতে জড়িত আইনী প্ৰক্ৰিয়া অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *