...

ডিব্ৰুগড়ত বিজেপি মহিলা মৰ্চাৰ সাংগঠনিক সভা

ডিব্ৰুগড়ত বিজেপি মহিলা মৰ্চাৰ সাংগঠনিক সভা

দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ

চাইন অন ডেস্ক,১১নৱেম্বৰ:

গেৰুৱা দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লক্ষ্যৰে ডিব্ৰুগড়ত বিজেপি মহিলা মৰ্চাৰ এক সাংগঠনিক সভা কালি অনুষ্ঠিত হয়।
ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক তৎপৰতা বৃদ্ধিৰ লক্ষ্যৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয় বিজেপি জিলা মহিলা মৰ্চাৰ এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা। বিজেপি ডিব্ৰুগড় জিলা মহিলা মৰ্চাৰ উদ্যোগত ডিব্ৰুগড় মণ্ডলিক কাৰ্যালয়ত অনুষ্ঠিত এই সভাত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰা, মহিলা মৰ্চাৰ ভূমিকা অধিক সক্ৰিয় কৰা আৰু আগন্তুক দিনৰ দলীয় কাৰ্যসূচী সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।এই সভাত উপস্থিত থাকে বিজেপি মহিলা মৰ্চা, অসম প্ৰদেশৰ নৱনিযুক্ত ৰাজ্যিক সভানেত্ৰী পূৰবী ৰয়। সভাত আনহাতে উপস্থিত থাকে প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ, ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতিৰ লগতে দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা-কৰ্মী।
সভাত মহিলা মৰ্চাৰ জিলা আৰু মণ্ডল পৰ্যায়ৰ বিষয়ববীয়া তথা কৰ্মীসকলেও অংশগ্ৰহণ কৰে। সভাখনত মহিলা মৰ্চাৰ সাংগঠনিক কাৰ্যকলাপ ত্বৰান্বিত কৰাৰ লগতে তৃণমূল পৰ্যায়ত দলৰ স্থিতি অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিভিন্ন দিশৰ ওপৰত মত-বিনিময় কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *