...

টেঙাখাট তেলক্ষেত্ৰৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি

টেঙাখাট তেলক্ষেত্ৰৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি

আজি কুমুদ গগৈ আৰু গোলাপ দত্তৰ চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ

ৰাজু দত্ত, ৰূপম গোহাঁই, তাপসজ্যোতি গগৈ আৰু শৈলেন গগৈৰ ইতিপূৰ্বে মৃত্যু

চাইন অন ডেস্ক, ১০ নৱেম্বৰ:

অসমত অইল ইণ্ডিয়াৰ এক কলা অধ্যায়ৰ যেন সূচনা হল।অসমৰ অইলৰ ইতিহাসত কোনো ঘটনাত আজিলৈ ইমান মানুহে অতি কৰুণ মৃত্যুক সাৱতি লব লগীয়া হোৱা নাই; যিমান ডিব্ৰুগড় জিলাৰ টেঙাখাটস্থিত অইল ইণ্ডিয়াৰ ইণ্টাৰমিডিয়েট টেংক ফাৰ্ম (ITF)ত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ আৰু যাৰ পৰিণতিত অগ্নিকাণ্ডৰ ঘটনাত মৃতকৰ সংখ্যা এই পৰ্যন্ত ৬ জনলৈ বৃদ্ধি পাইছে। অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হোৱা আন এজন কুমুদ গগৈ (৩৯)য়ে আজি ডিব্ৰুগড়ৰ আস্থা হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰে।আনহাতে সন্ধ্যা আন এগৰাকী চিকিৎসাধীন গোলাপ দত্তৰো মৃতু হয়। ইফালে
ৰাজু দত্ত, ৰূপম গোহাঁই, তাপসজ্যোতি গগৈ আৰু শৈলেন গগৈৰ ইতিপূৰ্বে মৃত্যু হৈছে আৰু আহত কুমুদ গগৈক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চেৰে কালি দিল্লীলৈ প্ৰেৰণ কৰা হয়।মৃত কুমুদ গগৈ টেঙাখাটৰ বৰবীল দিঘলীয়াৰ বাসিন্দা আছিল। তেওঁ অইলৰ তত্ত্বাৱধানত ৰক্ষণাবেক্ষণৰ কামত নিয়োজিত মুম্বাইস্থিত স্পেক্ট্ৰন ইঞ্জিনিয়াৰ্ছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোত হেল্পাৰ (ছেমি-স্কিলড) হিচাপে কৰ্মৰত আছিল।
উল্লেখ্য যে ৬ নৱেম্বৰৰ পুৱা প্ৰায় ৯.০৫ বজাত কৰ্মীসকলে কামত ব্যস্ত থকাৰ সময়তে ITFত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়।অইলৰ প্ৰাথমিক তদন্ত অনুসৰি, ITFৰ ইণ্ডাইৰেক্ট বাথ হিটাৰ (IDBH) এলেকাত বিস্ফোৰণটো সংঘটিত হয়। উক্ত এলেকাটো ৪ নৱেম্বৰৰ পৰাই ৰক্ষণাবেক্ষণৰ কামৰ বাবে পৃথক কৰি ৰখা হৈছিল।বিস্ফোৰণৰ পাছতে সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত অপাৰেচন আৰু মেইণ্টেনেন্স ঠিকাদাৰী সংস্থাৰ সাতজন কৰ্মী অগ্নিদগ্ধ হয়। আহতসকলক প্ৰথমে অসম মেডিকেল কলেজ হাস্পতাল, ডিব্ৰুগড় আৰু অইল হাস্পতাল, দুলীয়াজানত চিকিৎসা প্ৰদান কৰা হয়। গুৰুতৰভাৱে আহতসকলক পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ বিভিন্ন ব্যক্তিগত হাস্পতাললৈ স্থানান্তৰ কৰা হয়।ইফালে অইলে ঘটনাত নিহত প্ৰতিগৰাকী শ্ৰমিকৰ নিকটাত্মীয়লৈ ১০ লাখ টকাৰ এককালীন অনুদান আৰু আহত প্ৰতিগৰাকী ব্যক্তিলৈ ৫ লাখ টকাৰ অনুদান ঘোষণা কৰিছে।ঘটনাৰ পৰিপ্ৰেক্ষিতত কৰ্তব্য পালনত গাফিলতিৰ অভিযোগত অইল ইণ্ডিয়া লিমিটেডে চাৰিজন কৰ্মচাৰীক নিলম্বন কৰিছে। নিলম্বিতসকলৰ ভিতৰত তিনিজন বিষয়া আৰু এজন কৰ্মচাৰী আছে।
টেঙাখাটৰ এই ভয়ংকৰ দুৰ্ঘটনাই অসম তথা দেশৰ অন্যতম ভয়ংকৰ তৈলক্ষেত্ৰ দুৰ্ঘটনা ২০২০ চনৰ বাঘজান ব্ল’আউটৰ স্মৃতি পুনৰ উত্থাপন কৰিছে। তিনিচুকীয়া জিলাৰ বাঘজান তেলক্ষেত্ৰৰ ৫ নম্বৰ তৈল খাদত ২০২০ চনৰ ২৭ মে’ত ব্ল’আউট সংঘটিত হৈছিল। কেইবামাহ ধৰি জ্বলি থকা সেই অগ্নিকাণ্ড অৱশেষত ২০২০ চনৰ ১৫ নৱেম্বৰত নিৰ্বাপিত কৰা হৈছিল। বাঘজানৰ ঘটনাত ৭,০০০ৰো অধিক পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে অঞ্চলটোৰ পৰিৱেশ আৰু জীৱিকাৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *