...

ডিব্ৰুগড়ৰ গ্ৰাম্য চিকিৎসা সেৱাত নতুন মাইলৰ খুঁটি

ডিব্ৰুগড়ৰ গ্ৰাম্য চিকিৎসা সেৱাত নতুন মাইলৰ খুঁটি

ডাঃ ৰঞ্জন কুমাৰ জেনাৰ দ্বাৰা ২০০ৰো অধিক নিউৰ’ছাৰ্জাৰী সম্পন্ন

চাইন অন ডেস্ক,১০নৱেম্বৰ:

উত্তৰ-পূব ভাৰতত গ্ৰাম্য অঞ্চলত উন্নত চিকিৎসা সেৱা উপলব্ধ কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে ডাঃ ৰঞ্জন কুমাৰ জেনাই। ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত গাঁও পৰ্যায়ৰ চিকিৎসা প্ৰতিষ্ঠান ছেইণ্ট লুকছ হাস্পতালত তেওঁ ২০০ৰো অধিক নিউৰ’ছাৰ্জাৰী সম্পন্ন কৰিছে।
দিন-ৰাতি একাকাৰ কৰি, আনকি কেইবা সপ্তাহ ধৰি একেৰাহে চিকিৎসা সেৱা আগবঢ়াই ডাঃ জেনাই অঞ্চলটোৰ চিকিৎসা সেৱাৰ সক্ষমতাত এক নতুন মাত্ৰা প্ৰদান কৰিছে। বিশেষকৈ জৰুৰীকালীন অৱস্থাত প্ৰয়োজন হোৱা জটিল স্নায়ু অস্ত্ৰোপচাৰসমূহ স্থানীয়ভাৱেই সম্পন্ন কৰি তেওঁ বহু ৰোগীৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে। এই পদক্ষেপে বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ৰোগীসকলক যথেষ্ট সকাহ প্ৰদান কৰিছে। কিয়নো উন্নত আৰু ব্যয়বহুল বিশেষজ্ঞ চিকিৎসাৰ বাবে গুৱাহাটী অথবা ডিব্ৰুগড় চহৰৰ ডাঙৰ চিকিৎসালয়লৈ যোৱাৰ সামৰ্থ্য বহু ৰোগীৰ নাথাকে।
জীৱন ৰক্ষাৰ বাবে জৰুৰীকালীন ভিত্তিত সম্পন্ন কৰা অস্ত্ৰোপচাৰসমূহৰ ভিতৰত পথ দুৰ্ঘটনাৰ ফলত হোৱা মূৰৰ গুৰুতৰ আঘাত, উচ্চ ৰক্তচাপজনিত মস্তিষ্কৰ ৰক্তক্ষৰণ, ষ্ট্ৰ’ক, মস্তিষ্কৰ ৰক্ত সঞ্চালন ব্যাহত হোৱাৰ ফলত হোৱা ইনফাৰ্কচন আদি উল্লেখযোগ্য। ইয়াৰ উপৰি কঁকালৰ মেৰুদণ্ড, ডিঙিৰ মেৰুদণ্ড আৰু বুকুৰ অংশৰ মেৰুদণ্ডৰ বিভিন্ন জটিল ৰোগ তথা আঘাতজনিত সমস্যাৰো অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে।
এই বৃহৎ সফলতাই গ্ৰাম্য অঞ্চলত উন্নত চিকিৎসা সেৱাৰ ক্ষেত্ৰত থকা এক বৃহৎ ব্যৱধান দূৰ কৰাৰ লগতে তৃতীয় পৰ্যায়ৰ চিকিৎসা সেৱাৰ বিশেষজ্ঞতা গাঁৱৰ পদূলিলৈকে লৈ আহিছে।
এই যাত্ৰা আৰু সকলোৰে বাবে বিশেষজ্ঞ চিকিৎসা উপলব্ধ কৰাৰ লক্ষ্য সন্দৰ্ভত ডাঃ জেনাই কয়, “আমাৰ প্ৰধান লক্ষ্য সদায় এয়াই যে কেৱল উন্নত নিউৰ’ছাৰ্জাৰী চিকিৎসা লাভৰ সুবিধা নথকা বা চিকিৎসা কেন্দ্ৰ দূৰৈত অৱস্থিত হোৱাৰ বাবেই যাতে কোনো ৰোগীয়ে প্ৰাণ হেৰুৱাবলগীয়া নহয়। চাবুৱাৰ দৰে গ্ৰাম্য চিকিৎসা কেন্দ্ৰত এনে জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰাটোৱে প্ৰমাণ কৰে যে উন্নত মানৰ চিকিৎসা সেৱা কেৱল ডাঙৰ চহৰতে সীমাবদ্ধ থাকিব নালাগে, বৰঞ্চ ইয়াক তৃণমূল পৰ্যায়ৰ লোকসকলৰ ওচৰলৈও লৈ যোৱা সম্ভৱ। ইয়াৰ জৰিয়তে আটাইতকৈ প্ৰয়োজনীয় লোকসকলক সময়মতে চিকিৎসা, আশাৰ বতৰা আৰু সুস্থতাৰ সুযোগ প্ৰদান কৰিব পাৰি।”
স্থানীয় ৰাইজ আৰু স্বাস্থ্য সেৱাৰ সৈতে জড়িত বিভিন্ন মহলে এই সফলতাক ডাঃ জেনাৰ একাগ্ৰতা, নিষ্ঠা আৰু কৰ্তব্যপৰায়ণতাৰ নিদৰ্শন হিচাপে অভিহিত কৰিছে। লগতে দূৰদৰ্শী চিকিৎসা নেতৃত্ব আৰু নিষ্ঠাপূৰ্ণ প্ৰচেষ্টাৰে গ্ৰাম্য চিকিৎসা আন্তঃগাঁথনিৰ জৰিয়তেও উন্নত তথা জীৱনদায়ী চিকিৎসা সেৱা আগবঢ়োৱা সম্ভৱ বুলি এই সফলতাই প্ৰমাণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *