দিল্লী পাব্লিক স্কুল ডিব্ৰুগড়ৰ প্ৰতিষ্ঠাপক সঞ্জয় জৈনৰ মাতৃ ভগৱতী দেৱী জৈনৰ পৰলোক
সৰ্বানন্দ সোণোৱালসহ বিভিন্ন দল-সংগঠন, সাহিত্য-সাংস্কৃতিক অনুষ্ঠানৰ শোক প্ৰকাশ
চাইন অন ডেস্ক,৯নৱেম্বৰ:
ডিব্ৰুগড়ৰ বিশিষ্ট সমাজকৰ্মী, চি. এ. তথা দিল্লী পাব্লিক স্কুল ডিব্ৰুগড়ৰ প্ৰতিষ্ঠাপক সঞ্জয় জৈনৰ মাতৃ ভগৱতী দেৱীৰ আজি পুৱা ৯ বজাত নিজা বাসভৱনত ৭৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। তেখেত কিছুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।
মৃত্যুৰ সময়ত তেখেতে স্বামী মহাবীৰ প্ৰসাদ জৈন, পুত্ৰ সঞ্জয় জৈন, ৰাজীৱ জৈন আৰু বিকাশ জৈন, বোৱাৰীসকল, নাতি-নাতিনীসহ অজস্ৰ আত্মীয়-স্বজন আৰু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। আজি বিয়লি ৩ বজাত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিত বৰা আৰু উপ-সভাপতি পদুম ৰাজখোৱায়ো পৃথকে পৃথকে গভীৰ শোক প্ৰকাশ কৰি চি. এ. সঞ্জয় জৈন আৰু তেওঁৰ পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে।
একেদৰে অসম সাহিত্য সভাৰ অষ্টসপ্ততিতম দ্বি-বাৰ্ষিক দুলীয়াজান অধিৱেশনৰ আদৰণী সমিতি, ডিব্ৰুগড় উপ-সমিতি, ডিব্ৰুগড় প্ৰেছ ক্লাব, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, ডিব্ৰুগড় জিলা সাহিত্য সভা, ডিব্ৰুগড় সাহিত্য সভা, অসম জৈন সমাজ আৰু মাৰোৱাৰী সমাজেও প্ৰয়াতাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সংগঠনৰ প্ৰতিনিধিসকলে প্ৰকাশ কৰা শোকবাৰ্তাত উল্লেখ কৰে যে, মাতৃৰ বিয়োগ এক অপূৰণীয় ক্ষতি। এগৰাকী মাতৃৰ স্নেহ, ত্যাগ, মমতা আৰু আশীৰ্বাদে সন্তানৰ জীৱনজুৰি এক গভীৰ প্ৰভাৱ বিস্তাৰ কৰি থাকে। শাৰীৰিকভাৱে মাতৃৰ বিদায় ঘটিলেও তেওঁৰ স্নেহময় স্মৃতি, জীৱনাদৰ্শ আৰু আশীৰ্বাদ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ হৃদয়ত চিৰদিন অম্লান হৈ থাকিব।
সকলো পক্ষই পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই ভগৱতী দেৱী জৈনৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক এই অপূৰণীয় ক্ষতি সহ্য কৰিব পৰাকৈ ধৈৰ্য আৰু মানসিক শক্তি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনাইছে।