...

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ বৰহোলাত ব্যাপক তৎপৰতা

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ বৰহোলাত ব্যাপক তৎপৰতা

 

চাইন অন ডেস্ক, ৯নবেম্বৰ:

সমাগত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি তিতাবৰৰ ২১ নং বৰহোলা সমষ্টিত আৰম্ভ হৈছে ব্যাপক নিৰ্বাচনী তৎপৰতা। নিৰ্বাচনক লৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত বৃদ্ধি পাইছে

ব্যাপক উৎসাহ-উদ্দীপনা।ইয়াৰ মাজতে আজি পুৱাই তিনি শতাধিক সমৰ্থকক লগত লৈ মনোনয়ন দাখিলৰ উদ্দেশ্যে যাত্ৰা কৰে ২১ নং বৰহোলা সমষ্টিৰ প্ৰাৰ্থী বিমলা সোণোৱালে। সমৰ্থকসকলৰ জিন্দাবাদ ধ্বনিৰে

মুখৰিত হৈ পৰে সমগ্ৰ পৰিৱেশ।উল্লেখ্য যে বিগত কাৰ্যকালতো ২১ নং বৰহোলা সমষ্টিৰ নিৰ্বাচিত সদস্যা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিমলা সোণোৱালে।সমষ্টিটোৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে পুণৰ ৰাইজে

সমৰ্থন আগবঢ়াব বুলি আশাবাদী বিমলা সোণোৱালৰ লগতে সমৰ্থকসকল।‌প্ৰণিধানযোগ্য যে বৰহোলা সমষ্টিত এতিয়ালৈকে কেইবাজনো প্ৰাৰ্থীৰ নাম চৰ্চাত আছে যদিও নিৰ্বাচনত কোনে কি ভূমিকা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *