...

অসম প্ৰকাশন পৰিষদে ভুল তথ্যৰে ভূপেন হাজৰিকা সম্পৰ্কীয় গ্ৰন্থ প্ৰকাশ!

অসম প্ৰকাশন পৰিষদে ভুল তথ্যৰে ভূপেন হাজৰিকা সম্পৰ্কীয় গ্ৰন্থ প্ৰকাশ!

চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে কিয়?–মুখ্যমন্ত্ৰীলৈ জ্যেষ্ঠ সাংবাদিকৰ মুকলি প্ৰশ্ন

চাইন অন ডেস্ক,৭নৱেম্বৰ:

অসম প্ৰকাশন পৰিষদে যোৱা ২০২৫ চনত ডঃ ভূপেন হাজৰিকা জীৱন সম্বলিত এখনি গ্ৰন্থ প্ৰকাশ কৰিছিল। গ্ৰন্থখনৰ সম্পাদনাৰ দায়িত্বত আছিল সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী। “ভাৰতৰত্ন ভূপেন হাজৰিকাঃ গীতৰ চিত্ৰকৰ সুৰৰ ভাস্কৰ” শীৰোনামৰ গ্ৰন্থখন প্ৰথম প্ৰকাশৰ ২০২৫ চনটোতেই দুটাকৈ সংস্কৰণ প্ৰকাশ পায় আৰু দুয়োটা সংস্কৰণতে মুঠ ১ লাখ ১৫ হেজাৰ ৩ শ কপিৰ বিপৰীতে খৰছ হয় মুঠ ৪ কোটি ৬ লাখ ৭ হেজাৰ ৮৬ টকা। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে ভূপেন হাজৰিকা জন্ম শতবৰ্ষৰ উপলক্ষে গ্ৰন্থখন কেৱল অসমীয়া ভাষাত প্ৰকাশ কৰাতেই সীমাবদ্ধ নেথাকি সংবিধান স্বীকৃত সকলো ভাষালৈ অনুবাদ কৰি প্ৰকাশৰ সিদ্ধান্তও গ্ৰহণ কৰে। উল্লেখযোগ্য কথা এয়ে যে, বিশ্ববৰেণ্য এইগৰাকী মহান শিল্পীৰ জীৱন আধাৰত প্ৰকাশিত গ্ৰন্থখন প্ৰকাশৰ সময়তেই সংবাদ মাধ্যমৰ যোগে আনকি লিখিত ভাবে তথ্য সহকাৰে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত অভিযোগ উত্থাপন কৰা হৈছিল যে, গ্ৰন্থখনত একাধিক ভুল তথ্য প্ৰকাশ পাইছে। গ্ৰন্থখ

Leave a Reply

Your email address will not be published. Required fields are marked *