টেঙাখাতৰ তৈল ভাণ্ডাৰত সংঘটিত বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ঘটনা
অইলৰ মুখ্য পৰিচালন সঞ্চালকৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ সৰ্বানন্দ সোণোৱালৰ টেলিফোনিক বাৰ্তালাপ
চাইন অন ডেস্ক,৭নৱেম্বৰ:

অগ্নিকাণ্ডত আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ থকা প্ৰতিগৰাকী লোকৰ উন্নত চিকিৎসা নিশ্চিত কৰাৰ লগতে প্ৰয়োজনীয় সকলো ব্যৱস্থা তৎপৰতাৰে গ্ৰহণ কৰিবলৈ আহ্বান জনায় সৰ্বানন্দ সোণোৱালে।
এই দুৰ্ভাগ্যজনক ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ উচিত ক্ষতিপূৰণ প্ৰদানৰ বাবে আহ্বান জনায় সৰ্বানন্দ সোণোৱালে।
লগতে, অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ আৰু ঘটনাটোৰ আঁৰৰ সকলো দিশ পোহৰলৈ আনিবলৈ সংশ্লিষ্ট বিভাগৰ তৰফৰ পৰা উচ্চ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে সৰ্বানন্দ সোণোৱালে।