বৰপেটাৰ যুৱক বহিঃৰাজ্যত সন্ধানহীন
ছলিমপুৰৰ ঘৰত পৰিয়ালৰ হাহাকাৰ
বাঘবৰ,৫নৱেম্বৰ:
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অধীনস্থ ছলিমপুৰ গাঁৱৰ ২৫ বছৰীয়া যুৱক ফয়জল নিৰুদ্দেশ।উল্লেখ্য যে ছলিমপুৰ গাঁৱৰ ৱাজেদ আলীৰ পুত্ৰ ফয়জল আলী বিগত দুমাহ পূৰ্বে কৰ্মসূত্ৰে গৈছিল উত্তৰ প্ৰদেশৰ গোৰাকপুৰত কাম কৰিবলৈ । উত্তৰ প্ৰদেশৰ উক্ত ঠাইখনত ফয়জল হক নিজৰ মামা আৰু ককায়েকৰ লগত আছিল যদিও বিগত প্ৰায় ২০ দিন ধৰি হঠাৎ উক্ত কৰ্মস্থলীৰ পৰা ফয়জল নিৰুদিষ্ট হৈ পৰে। অদ্যাপি তেওঁৰ ককায়েক তথা মোমায়েকে থকা স্থানলৈ ঘুৰি অহা নাই। ইতিমধ্যে পৰিয়ালৰ লোক তথা উত্তৰ প্ৰদেশত থকা নিকট লোকে ফয়জলৰ সন্ধান বিচাৰ খোচাৰ কৰি আছে যদিও বৰ্তমানলৈকে তেওঁৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ফলত ফয়জলৰ পৰিয়ালৰ লোক সম্প্ৰতি মানসিক বাবে ভাগি পৰিছে।
সেয়ে এতিয়া উপায়ন্তৰ ভুক্তভোগী পৰিয়ালটোৱে সংবাদ মাধ্যমৰ জৰিয়তে ফয়জলৰ সন্ধান বিচাৰিছে।
যদি কোনো সু-হৃদয়ৱানে ফয়জলক দেখা পায় তেন্তে পৰিয়ালৰ 6001259738 ফোন নম্বৰটিত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাবু কৰিছে ।