বুলু বৰঠাকুৰ সোঁৱৰণী কালী গোঁসানী নাম প্ৰতিযোগিতা
চাইন অন ডেস্ক,৩নবেম্বৰ:
‘মানৱ কল্যাণ সেৱা সংস্থা”ৰ সৌজন্যত প্ৰধান শিক্ষয়িত্ৰী বুলু বৰঠাকুৰ সোঁৱৰণী প্ৰাইজমণি শ্ৰীশ্ৰী কালী গোঁসানী নাম প্ৰতিযোগিতাত প্ৰথম- দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে ক্ৰমে -‘পঞ্চৰূপা সাংস্কৃতিক গোষ্ঠী’ৰ হৈ অমানিষা ভট্টাচাৰ্য্য দল , ‘বসন্ত 
বুলু বঠাকুৰৰ স্বামী অধিবক্তা বকুল কুমাৰ শৰ্মাই পাঁচ হাজাৰ-তিনি হাজাৰ আৰু দুহাজাৰ টকাৰ লগতে কিতাপৰ টোপোলা -ট্ৰফী আৰু প্ৰশংসাপত্ৰ প্ৰদান কৰা এই অনুষ্ঠানত সংস্থাৰ সভ্যা সকলে ফুলাম গামোছা আৰু অঙ্গবস্ত্ৰৰে বিজয়ী প্ৰতিযোগী সকলক অভিনন্দন জ্ঞাপন কৰে । এই অনুষ্ঠানত শিক্ষাবিদ মঞ্জু আগমাচাৰ্য্যৰ দ্বাৰা প্ৰণীত “নাম-অৰ্ঘ্য”গ্ৰন্থখনি আনুষ্ঠানিক ভাবে উন্মোচন কৰি প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষা ড° গায়ত্ৰীদেৱী গোস্বামীয়ে এই গ্ৰন্থখন প্ৰতি গৰাকী নামতীয়ে সংগ্ৰহ কৰাৰ লগতে পুথি ভড়ালত সংৰক্ষণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ।সংস্থাৰ সভানেত্ৰী লখিমী নেওগৰ পৰামৰ্শত সম্পাদিকা ডাঃ মালাৰাণী দেৱী দত্তই আঁতধৰা সভাখনিত ভালে সংখ্যক প্ৰতিযোগীৰ উপস্থিতি, সংস্থাৰ কাৰ্যকৰী সভ্যা -আজীৱন সভ্যাৰ উপস্থিতিৰে পৰিবেশ জীপাল কৰি তোলা পৰিবেশত চমু বক্তব্য আগবঢ়ায় অঞ্জন আগমাচাৰ্য্য , ড° মঞ্জু চক্ৰৱতী আৰু সমীৰকুমাৰ শৰ্মাই ।