...

ডিব্ৰুগড়ৰ ছয়গৰাকী অৱসৰী শিক্ষক-শিক্ষয়িত্ৰীক মানকটা শিক্ষা কেন্দ্ৰৰ আনুষ্ঠানিক বিদায় সম্বৰ্ধনা

ডিব্ৰুগড়ৰ ছয়গৰাকী অৱসৰী শিক্ষক-শিক্ষয়িত্ৰীক মানকটা শিক্ষা কেন্দ্ৰৰ আনুষ্ঠানিক বিদায় সম্বৰ্ধনা

চাইন অন ডেস্ক,১নবেম্বৰ:

“অসমৰ শিক্ষাখণ্ডৰ গুণগত মানদণ্ড আৰু আন্তঃগাঁথনি উন্নতকৰণৰ বাবে চৰকাৰে সময় সাপেক্ষে অনেক প্ৰদক্ষেপ গ্ৰহণ কৰি শিক্ষক,শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানসমূহক সা-সুবিধা প্ৰদান কৰি আহিছে যদিও বহু সম্যসা এতিয়াওঁ সমাধা কৰিব পাৰিলেহে শিক্ষামান উন্নত হব”- এই কথা বিশিষ্ট সাহিত্যিক ৰাষ্ট্ৰপতি বটাঁপ্ৰাপক, কৃতি শিক্ষক গন্ধেশ্বৰ শইকীয়াৰ । শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক এক মধুৰ সম্পৰ্ক। এগৰাকী শিক্ষকক শিক্ষাৰ্থীৰ বাবে বন্ধু, দার্শনিক তথা পথ প্ৰদৰ্শক হিচাবে কোৱা হয় । আনহাতে, এনে একোজন শিক্ষক থাকে যাৰ সংস্পর্শ কোনো শিক্ষার্থীয়ে পাহৰিব নোৱাৰে। তেওঁৰ ব্যক্তিত্ব আৰু শিক্ষাদান শৈলীত নিমজ্জিত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল। তেনে শিক্ষকৰ বিদায় বেলাত বেদনা গধুৰ হৈ পৰে ছাত্র-ছাত্রীসকল। এই উদ্দেশ্যে মানকটা শিক্ষাকেন্দ্ৰৰ অৱসৰী শিক্ষক- শিক্ষয়িত্ৰীক আনুষ্ঠানিক বিদায় দিয়াৰ বাবে আজি অৱসৰী শিক্ষাগুৰু সকলৰ বিদায় সম্বর্দ্ধনা সভাখনি খনিকৰ প্ৰাথমিক বিদ্যালয় প্রাংগনত অনুষ্ঠিত হয়। সভাত উজনি হাতীমৰা- প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ স্মৃতিৰেখা চাংমাই, সহকাৰী শিক্ষক -ৰত্নকান্ত হাজৰিকা, বকপাৰা প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক অৰুণ গগৈ, বকুল প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক কনক গগৈ,মানকটা খনিয়াগাওঁ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী স্নেহপ্ৰভা বৰুৱা আৰু চেঁচা চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক জগদীশ লোহাৰক বিদায় আৰু সম্বৰ্দ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে বকপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গিৰিণ হাজৰিকাই । অনুষ্ঠানটিৰ আঁত ধৰে মানকটা কেন্দ্ৰৰ সম্পাদক ধৰ্মেন্দ্ৰ শইকীয়াই।
এই অনুষ্ঠানতে বিদায়ী ছয় গৰাকী শিক্ষকক শৰাই, গামোচা, ধৰ্মীয়পুথি আৰু প্ৰশস্তি পত্ৰৰে সম্বর্দ্ধনা জনোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *