...

চিয়াং আপাৰ মাল্টি পাৰপ’জ প্ৰজেক্টৰ বিৰোধ অসম জাতীয় পৰিষদৰ

চিয়াং আপাৰ মাল্টি পাৰপ’জ প্ৰজেক্টৰ বিৰোধ অসম জাতীয় পৰিষদৰ

সাধাৰণ সম্পাদক চিত্ত ৰঞ্জন বসুমতাৰীৰ জোনাই প্ৰেছ ক্লাৱত সংবাদ মেল

চাইন অন ডেস্ক, ১নৱেম্বৰ:

জোনাইৰ স্থানীয় যুৱক তথা আছুৰ প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি তথা বৰ্তমানৰ অসম জাতীয় পৰিষদ সাধাৰণ সম্পাদক চিত্ত বসুমতাৰীৰে সংবাদ মেলৰ জৰিয়তে নদীবান্ধটোৰ বিৰোধিতা কৰে।অৰুণাচলত নিৰ্মাণ কৰিব লগা চিয়াং আপাৰ মাল্টিপাৰপ’জ প্ৰজেক্টএ চিয়াং আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা সভ্যতাক নিশেষ কৰিব বুলি অভিযোগ আনিছে। অৰুণাচল প্ৰদেশৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে নদীবান্ধ বিৰোধী আন্দোলনক দমনমূলক নীতিৰে মষিমূৰ কৰা কাৰ্যক গঢ়িহনা দিয়ে। জনসাধাৰণৰ কৃষ্টি-সংস্কৃতি, জীৱন-জীৱিকা, সভ্যতাকৈ নদীবান্ধ ডাঙৰ নহয় বুলি মন্তব্য আগবঢ়াই অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক চিত্ত বসুমতাৰীৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *