...

শীঘ্ৰেই ডিব্ৰুগড় টাউন ষ্টেচনলৈ পুনৰ চলিব বৈদ্যুতিক ৰে’ল

শীঘ্ৰেই ডিব্ৰুগড় টাউন ষ্টেচনলৈ পুনৰ চলিব বৈদ্যুতিক ৰে’ল

চাউলখোৱা-ডিব্ৰুগড় টাউনৰ মাজৰ অন্তিম ৫ কিলোমিটাৰ ৰে’লপথ পৰিদৰ্শন
শীঘ্ৰে হ’ব পৰীক্ষামূলক চলাচল

চাইন অন ডেস্ক,৩১অক্টোবৰ:

ডিব্ৰুগড় টাউন ৰে’লৱে ষ্টেচনলৈ পুনৰ বৈদ্যুতিক ৰে’লৰ চলাচল আৰম্ভ হোৱাৰ পথ প্ৰায় প্ৰশস্ত হৈছে। চাউলখোৱাৰ পৰা ডিব্ৰুগড় টাউন ৰে’লৱে ষ্টেচনলৈ থকা অন্তিম ৫ কিলোমিটাৰ ৰে’লপথৰ কাম-কাজৰ অগ্ৰগতি পৰীক্ষা কৰাৰ লগতে পৰীক্ষামূলক ৰে’ল চলাচলৰ প্ৰস্তুতিৰ বাবে শুকুৰবাৰে ৰে’লৱেৰ বিষয়াসকলে পৰিদৰ্শন কৰে।
পৰিদৰ্শনকালত বিষয়াসকলে বাকী থকা কাম-কাজৰ বুজ লয়। ৰে’লৱেৰ সূত্ৰ অনুসৰি, প্ৰায়ভাগ কাম সম্পূৰ্ণ হৈছে যদিও কিছু সৰু-সুৰা বিসংগতি এতিয়াও বাকী আছে। এইবোৰ অতি সোনকালে সমাধান কৰা হ’ব।
পৰিদৰ্শনৰ সময়ত ৰে’লৱেৰ প্ৰিন্সিপাল চীফ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ সুভাষ ডুবে কয় যে সংশ্লিষ্ট ৰে’লপথছোৱাৰ বৈদ্যুতিক ব্যৱস্থাৰ প্ৰস্তুতি পৰীক্ষা কৰিবলৈ শীঘ্ৰেই পৰীক্ষামূলক ৰে’ল চলোৱা হ’ব। পৰীক্ষামূলক চলাচল সফল হ’লে কেইদিনমানৰ ভিতৰতে এই পথেৰে বৈদ্যুতিক ৰে’লৰ নিয়মীয়া চলাচল পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।অৱশ্যে ৰে’ল চলাচল পুনৰ আৰম্ভ হোৱাৰ নিৰ্দিষ্ট তাৰিখ সন্দৰ্ভত তেওঁ কয় যে সংশ্লিষ্ট অঞ্চলটোৰ কাম-কাজ তেওঁ পোনপটীয়াকৈ চোৱাচিতা কৰা নাই। সেয়েহে এই সন্দৰ্ভত দায়িত্বত থকা বিষয়াসকলেহে সঠিক সময়সীমা জনাব পাৰিব। এই সময়ছোৱাত প্ৰায় ১৫ৰ পৰা ২০ দিনৰ ভিতৰত বৈদ্যুতিক ৰে’ল চলাচল আৰম্ভ হোৱাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰা হয়।উল্লেখ্য যে ডিব্ৰুগড় টাউন ৰে’লৱে ষ্টেচনলৈ বৈদ্যুতিক ৰে’লৰ চলাচল পুনৰ আৰম্ভ হ’লে উজনি অসমৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক সুচল হোৱাৰ লগতে যাত্ৰীসকলেও যথেষ্ট সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *