...

বৰবৰুৱাৰ লেপেটকটা জংঘল লাইনত দুটাকৈ প্ৰকাণ্ড অজগৰৰ মুক্ত বিচৰণ:আতংকিত ৰাইজ

বৰবৰুৱাৰ লেপেটকটা জংঘল লাইনত দুটাকৈ প্ৰকাণ্ড অজগৰৰ মুক্ত বিচৰণ:আতংকিত ৰাইজ

চাইন অন ডেস্ক, ৩১অক্টোবৰ:

ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ লেপেটকটাস্থিত BCPLৰ সমীপৰ জংঘল লাইনত দুটাকৈ প্ৰকাণ্ড অজগৰৰ মুক্ত বিচৰণক কেন্দ্ৰ কৰি অঞ্চলটোত আতংকৰ সৃষ্টি হৈ পৰিছে।উল্লেখযোগ্য যে দুটাৰ মুক্ত বিচৰণৰ ফলত জংঘল লাইনবাসীয়ে দিনে-নিশাই ভয় আৰু শংকাৰ মাজত জীৱন কটাবলগীয়া হৈছে। বিশেষকৈ নিশাৰ ভাগত ঘৰৰ পৰা ওলাই অহা-যোৱা কৰিবলৈও শংকিত হৈ পৰিছে স্থানীয় লোকসকল।স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, অঞ্চলটোত অজগৰৰ উপস্থিতিৰ বিষয়ে উদ্বিগ্নতা বৃদ্ধি পোৱাৰ পিছতো বন বিভাগৰ তৰফৰ পৰা প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ফলত যিকোনো সময়তে অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ আশংকাত দিন কটাইছে অঞ্চলবাসীয়ে।অতিশীঘ্ৰেই উক্ত অজগৰ দুটা উল্লেখিত স্থানৰ পৰা নিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক স্থানীয় ৰাইজে আহ্বান জনাইছে।
এনে পৰিস্থিতিত শীঘ্ৰে বন বিভাগক ঘটনাস্থলীত উপস্থিত হৈ অজগৰ দুটাক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *