...

এ এফ টি চাহ ফেক্টৰীৰ মালিকে মহিলা শ্ৰমিকক ধৰ্ষণৰ চেষ্টাৰ অভিযোগ

এ এফ টি চাহ ফেক্টৰীৰ মালিকে মহিলা শ্ৰমিকক ধৰ্ষণৰ চেষ্টাৰ অভিযোগ

ডিকম আৰক্ষী চকীত এজাহাৰ, ২৪ ঘণ্টাৰ ভিতৰত নুৰ আলম খানক গ্ৰেপ্তাৰৰ দাবী ‘আটছা’ৰ

চাইন অন ডেস্ক,২৭অক্টোবৰ:

ডিব্ৰুগড় জিলাৰ ডিকম আৰক্ষী চকীৰ অন্তৰ্গত কাৰ্যস্থলীতে মহিলা শ্ৰমিকক ধৰ্ষণৰ চেষ্টা চলোৱাৰ এক জঘন্য ঘটনা পোহৰলৈ আহিছে। এ এফ টি (AFT) চাহ ফেক্টৰীৰ মালিকে নিজৰে এগৰাকী মহিলা শ্ৰমিকক এইদৰে উৎপীড়ন চলোৱাৰ গুৰুতৰ অভিযোগক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোৰ লগতে চাহ জনগোষ্ঠীয় সমাজত তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
প্ৰাপ্ত তথ্য আৰু ডিকম আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত জনা পৰা মতে, যোৱা ১৫ অক্টোবৰ (বৃহস্পতিবাৰ) তাৰিখে উক্ত চাহ ফেক্টৰীত কৰ্তব্যৰত অৱস্থাত আছিল লাঞ্চু গাঁৱৰ নিবাসী তথা ফেক্টৰীখনৰ শ্ৰমিক শ্ৰীমতী মনিষী তেলী। অভিযোগ অনুসৰি, সেইদিনা ফেক্টৰীখনৰ স্বত্বাধিকাৰী নুৰ আলম খানে কোনো আলোচনা কৰাৰ চলেৰে মহিলাগৰাকীক নিজৰ অফিচ ৰুমলৈ মাতি নিয়ে। মহিলাগৰাকীয়ে অফিচ কোঠাত প্ৰৱেশ কৰাৰ লগে লগেই অভিযুক্ত নুৰ আলম খানে দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিয়ে আৰু মহিলাগৰাকীৰ হাতত থাপ মাৰি ধৰি বলপূৰ্বকভাৱে ধৰ্ষণ কৰাৰ চেষ্টা চলায়।
সেই সময়ত ভুক্তভোগী মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত কাষতে কৰ্তব্যৰত আন এজন শ্ৰমিকে তৎপৰতা দেখুৱাই কোঠাটোৰ ওচৰত অহাত নুৰ আলম খানে দুৱাৰখন খুলি দিয়ে। আন ব্যক্তিজনৰ এই সময়োচিত সহায়ৰ বাবেই মহিলাগৰাকী কোনোমতে নিজক ৰক্ষা কৰি সেই স্থানৰ পৰা পলাই সাৰিবলৈ সক্ষম হয়। তীব্ৰ মানসিক আঘাত আৰু সামাজিক ভয়-সংকোচৰ বাবে ভুক্তভোগী মহিলাগৰাকীয়ে ঘটনাৰ কেইবাদিনো পিছত অৰ্থাৎ আজি ২৬ অক্টোবৰত ডিকম আৰক্ষী চকীত এক আনুষ্ঠানিক এজাহাৰ দাখিল কৰে। আৰক্ষীয়েও উক্ত এজাহাৰ লাভ কৰি অফিচিয়েল মোহৰ মাৰি গোচৰটো গ্ৰহণ কৰিছে।
এই জঘন্য ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীক সম্পূৰ্ণ ন্যায় প্ৰদানৰ বাবে আগবাঢ়ি আহিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)। আজি ২৬ অক্টোবৰত ‘আটছা’ৰ ডিব্ৰুগড় জিলা সমিতিৰ নেতৃত্বত ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু ডিকম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।
উক্ত স্মাৰকপত্ৰত ‘আটছা’ৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাঘ, উপ-সভাপতি সঞ্জয় কুৰ্মী, লগতে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক লাখিন্দৰ কুৰ্মী, সাংগঠনিক সম্পাদক
হেমন্ত কুজুৰ আৰু বিত্ত সম্পাদক সুনীল পাতৰকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতাই স্বাক্ষৰ কৰে।
সংগঠনটোৱে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে ঘটনা সংঘটিত হোৱাৰ কেইবাদিনো পাৰ হৈ যোৱাৰ পিছতেও অভিযুক্ত মালিক নুৰ আলম খানে মুক্তভাৱে ঘূৰি ফুৰিছে, যাৰ বাবে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালটোৱে চৰম নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। কাৰ্যস্থলীতে এগৰাকী চাহ ফেক্টৰিৰ মালিকৰ পৰা মহিলা শ্ৰমিকৰ ওপৰত হোৱা এনে পাষণ্ড কাণ্ডই কৰ্মৰত মহিলাৰ সুৰক্ষাক লৈ ডাঙৰ প্ৰশ্নচিহ্ন থিয় কৰাইছে। ইফালে্‘আটছা’ই ডিকম আৰক্ষী চকীত ৰুজু
হোৱা গোচৰৰ ভিত্তিত অহা ২৪ ঘণ্টাৰ ভিতৰত অভিযুক্ত চাহ ফেক্টৰীৰ মালিক নুৰ আলম খানক গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱাৰ লগতে চাহ ফেক্টৰীসমূহত কৰ্মৰত প্ৰতিগৰাকী
মহিলা শ্ৰমিকক সম্পূৰ্ণ কৰ্মকালীন সুৰক্ষা প্ৰদান কৰাৰ বাবে দাবী জনাইছে।
ছাত্ৰ সংগঠনটোৱে স্পষ্ট কৰি দিছে যে যদিহে প্ৰশাসনে অতি শীঘ্ৰে এই ক্ষেত্ৰত কঠোৰ আইনী পদক্ষেপ গ্ৰহণ নকৰে,তেন্তে আটছাই শীঘ্ৰে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *