কৈঠালকুছি ৰে’ল ষ্টেচনত চাঞ্চল্য !
বিদ্যুৎ পৰিবাহি ৰে’লৱে ব্ৰীজত উঠি যুৱকৰ আত্মহত্যাৰ চেষ্টা
ঘণ্টাৰ পিছত ঘণ্টা ব্যাহত ৰে’ল চলাচল
চাইন অন ডেস্ক, ২৫অক্টোবৰ:

জানিব পৰা মতে, যুৱকজন কৈঠালকুছিৰ বেছিমাৰীৰ চমিৰ আলী বুলি চিনাক্ত কৰা হৈছে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় ৰে’ল আৰক্ষী (GRP) আৰু চামতা আৰক্ষী চকীৰ আৰক্ষী।
যুৱকজনক সুৰক্ষিতভাৱে তললৈ নমাই অনাৰ বাবে আৰক্ষীয়ে দীৰ্ঘ সময় ধৰি চেষ্টা চলায়। কিন্তু প্ৰাৰম্ভিকভাৱে তেওঁক নমাই অনাত ব্যৰ্থ হয় উদ্ধাৰকাৰী দল। 
ইপিনে, ঘটনাটোৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰে’ল চলাচল ঘণ্টাৰ পিছত ঘণ্টা ধৰি বন্ধ ৰাখিবলগীয়া হয়। ফলত ব্যাহত হৈ পৰে ৰে’ল সেৱা। যুৱকজনক উদ্ধাৰ কৰাৰ পিছত পুনৰ ৰে’ল চলাচল স্বাভাৱিক কৰা হয়।
উদ্ধাৰৰ পিছত ৰে’ল আৰক্ষীয়ে যুৱকজনক নিজৰ জিম্মাত লয় বুলি জানিব পৰা গৈছে। অৱশ্যে, যুৱকজনে কি কাৰণত এনে পদক্ষেপ গ্ৰহণ কৰিলে, সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।
ঘটনাটোক কেন্দ্ৰ কৰি কৈঠালকুছি ৰে’ল ষ্টেচনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়।