অসমৰ গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভাই লাভ কৰিব উপযুক্ত মঞ্চ
শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় আৰু জ্যোতি ললিতা কানৈৰ ফাউণ্ডেচনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ
চাইন অন ডেস্ক,১৫অক্টোবৰঃ

এই উপলক্ষে বুধবাৰে ডিব্ৰুগড় জিলা পুথিভঁৰালৰ সমীপত অৱস্থিত ডিআইচিচি (DICC) ভৱনৰ দ্বিতীয় মহলাত থকা ফাউণ্ডেচনৰ অস্থায়ী কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত ফাউণ্ডেচনৰ তৰফৰ পৰা এই বুজাবুজিৰ চুক্তিৰ মূল উদ্দেশ্য আৰু প্ৰস্তাৱিত অভিযানৰ ৰূপৰেখা সম্পৰ্কে বিস্তৃতভাৱে আলোকপাত কৰা হয়।
এই চুক্তিত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক হীৰেন্দ্ৰ নাথ শৰ্মা আৰু জ্যোতি ললিতা কানৈ ফাউণ্ডেচনৰ ন্যাসৰক্ষী জ্যোতি প্ৰসাদ কানৈয়ে স্বাক্ষৰ কৰে।
ফাউণ্ডেচনৰ ন্যাসৰক্ষী জ্যোতি প্ৰসাদ কানৈয়ে কয় যে তেওঁৰ ফাউণ্ডেচনে সামাজিক, শৈক্ষিক আৰু চিকিৎসা সেৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত ক্ৰীড়াৰ প্ৰসাৰ আৰু প্ৰতিভা চিনাক্তকৰণৰ বাবে ক্ৰীড়া প্ৰতিভা সন্ধান অভিযানৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সময়তে অসমৰ গ্ৰামাঞ্চল আৰু চাহ বাগিচাসমূহত থকা প্ৰতিভাসমূহকো উপযুক্ত মঞ্চ প্ৰদান কৰাৰ প্ৰয়োজনীয়তা তেওঁ উপলব্ধি কৰে।
তেওঁ লগতে কয় যে বহু প্ৰতিভাৱান শিশু আৰু যুৱক-যুৱতীয়ে প্ৰয়োজনীয় প্ৰশিক্ষণ, সা-সুবিধা আৰু আৰ্থিক সহযোগিতাৰ অভাৱত নিজৰ প্ৰতিভা বিকশিত কৰাৰ সুযোগ লাভ নকৰে। এই সমস্যাসমূহৰ প্ৰতি লক্ষ্য ৰাখিয়েই ক্ৰীড়া বিশ্ববিদ্যালয়ৰ সৈতে এই সহযোগিতামূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ জৰিয়তে অসমৰ গ্ৰামাঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলে নিজৰ দক্ষতা বিকশিত কৰি ৰাজ্য তথা দেশৰ নাম উজলাই তুলিবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।
আনহাতে, শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক হীৰেন্দ্ৰ নাথ শৰ্মাই সমাজকৰ্মী জ্যোতি প্ৰসাদ কানৈ আৰু তেওঁৰ পত্নী ললিতা কানৈৰ এই প্ৰশংসনীয় পদক্ষেপৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে বিশ্ববিদ্যালয়খনৰ সৈতে এই ধৰণৰ বুজাবুজিৰ চুক্তি প্ৰথমবাৰৰ বাবে স্বাক্ষৰিত হৈছে। এই উদ্যোগে গ্ৰামাঞ্চলৰ যুৱ প্ৰতিভাসমূহ চিনাক্ত আৰু বিকশিত কৰাত যথেষ্ট সহায় কৰিব।
উল্লেখযোগ্য যে অসমৰ বিভিন্ন গ্ৰামাঞ্চল, চাহ বাগিচা, বিদ্যালয় আৰু দুৰ্গম অঞ্চলত বহু প্ৰতিভাৱান শিশু আৰু যুৱক-যুৱতী আছে। কিন্তু আৰ্থিক অসুবিধা, উপযুক্ত প্ৰশিক্ষণৰ অভাৱ আৰু প্ৰয়োজনীয় ক্ৰীড়া আন্তঃগাঁথনিৰ সীমাবদ্ধতাৰ বাবে তেওঁলোকৰ বহুতেই নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ নকৰে।
এই প্ৰত্যাহ্বানসমূহ দূৰ কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই অভিযানৰ জৰিয়তে শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ক্ৰীড়া সম্পৰ্কীয় জ্ঞান, বিশেষজ্ঞতা আৰু অভিজ্ঞতাক জ্যোতি ললিতা কানৈ ফাউণ্ডেচনৰ সমাজসেৱামূলক প্ৰচেষ্টাৰ সৈতে সংযুক্ত কৰা হ’ব। ইয়াৰ ফলত ক্ৰীড়া প্ৰতিভাৰ চিনাক্তকৰণ, মূল্যায়ন আৰু বিকাশৰ ক্ষেত্ৰত এক সুসংগঠিত ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়াস কৰা হ’ব।
এই অভিযানৰ উদ্দেশ্য কেৱল প্ৰতিযোগিতাত জয়লাভ বা পদক অৰ্জনতে সীমাবদ্ধ নহয়। বৰঞ্চ ক্ৰীড়াৰ জৰিয়তে শিশু আৰু যুৱক-যুৱতীসকলৰ মাজত অনুশাসন, আত্মবিশ্বাস, দলীয় মনোভাৱ আৰু নেতৃত্বৰ গুণ বিকশিত কৰাতো গুৰুত্ব প্ৰদান কৰা হ’ব।
শিক্ষা, সমাজসেৱা আৰু ক্ৰীড়া শিক্ষাৰ ক্ষেত্ৰত সক্ৰিয় দুয়োটা প্ৰতিষ্ঠানৰ এই যৌথ পদক্ষেপে অসমৰ উদীয়মান ক্ৰীড়া প্ৰতিভাসমূহক আগুৱাই নিয়াৰ লগতে ভৱিষ্যতে তেওঁলোকৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে।