ব্ৰহ্মপুত্ৰত জীৱন্তে উটি আহিল ৫৫ বছৰীয়া মহিলা!
বাসন্তী দাস নামৰ মহিলা গৰাকী
শুৱালকুছি,১৩ অক্টোবৰঃ
“ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে ”— এই বাক্যশাৰী পুনৰবাৰ সত্য প্ৰমাণিত হ’ল শুৱালকুছিৰ চন্দ্ৰপুৰত। আজি পুৱা মহাবাহু ব্ৰহ্মপুত্ৰৰ ঢৌৰ মাজত উঠি অহা মহিলা এগৰাকী অলৌকিকভাৱে কথমপি প্ৰাণৰক্ষা পৰিল। প্ৰাপ্ত তথ্য অনুসৰি, চন্দ্ৰপুৰ অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীত মহিলাগৰাকী উটি অহা প্ৰত্যক্ষ কৰে স্থানীয় তিনিগৰাকী ব্যক্তিয়ে। জীৱিত অৱস্থাত তেনেদৰে মহিলা গৰাকী উঠি অহা প্ৰত্যক্ষ কৰি তেওঁলোকে তিনিওজনে নিজৰ প্ৰাণৰ কথা নাভাবি ততালিকে পানী জাপ দিয়ে আৰু অতি সাহসিকতাৰে তিনিয়ো মিলি ব্ৰহ্মপুত্ৰৰ পানীৰ সোঁতৰ পৰা মহিলাগৰাকীক জীৱন্তে অতি কৌশলৰে উদ্ধাৰ কৰি আনিবলৈ সক্ষম হয়। উদ্ধাৰৰ পিছতেই চন্দ্ৰপুৰৰ স্থানীয় ৰাইজে মহান মানৱতাৰ পৰিচয় দাঙি ধৰি মহিলাগৰাকীক আশ্ৰয় প্ৰদান কৰাৰ লগতে প্ৰাথমিক শুশ্ৰূষা আৰু খাদ্য-পানীৰ ব্যৱস্থা কৰে। স্হানীয় মহিলা সকলৰ যত্নত কিছু সুস্থ হৈ উঠা মহিলা গৰাকীয়ে নিজৰ পৰিচয় দাঙি ধৰি ৰঙিয়াৰ জলজলিৰ বাসন্তী দাস(৫৫) বুলি কয়। তেওঁ ক’ত কেনেকৈ ব্ৰহ্মপুত্ৰৰ পানীত পৰিল তাক স্পষ্টকৈ কব পৰা নাই। ইয়াৰ পাছত ৰাইজে ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষীক খৱৰ দিয়ে আৰু সুস্থ অৱস্থাত মহিলাগৰাকীক আৰক্ষীৰ হাতত গতাই দিয়ে। শুৱালকুছিৰ আৰক্ষীয়ে বৰ্তমান মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। স্থানীয় ৰাইজৰ এনে সাহসিকতা আৰু মানৱীয় কাৰ্যক সমগ্ৰ অঞ্চলটোৱে ভূয়সী প্ৰশংসা কৰিছে।