নাবালিকাক যৌন নিৰ্যাতন!
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিছাৰিছে
চাইন অন ডেস্ক,৯অক্টোবৰ:
বিলাসীপাৰাৰ চালবান্দাগাওঁত সংঘটিত হৈছে এক লজ্জানত কৰা ঘটনা।ঘৰুৱা কন্দলক কেন্দ্ৰ কৰি গাওঁখনৰ এগৰাকী নাৱালিকাৰ শালীনতা হানিৰ ঘটনা পোহৰলৈ আহিছে।
ভুক্তভোগী পৰিয়ালে নয়াহাট আৰক্ষী চকীত এজাহাৰ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত জোকাৰি গৈছে সমগ্ৰ অঞ্চল।
উল্লেখ্য যে,চালবান্দা গাৱঁৰ ৰফিকুল হ’কৰ পৰিয়ালৰ লগত ওচৰৰে এটা পৰিয়ালৰ লগত গৃহ কন্দলৰ সৃষ্টি হয়।
গৃহ কন্দলৰ অচিলাৰে মহিলা এগৰাকীক ৰফিকুলে গুৰলা গুৰুলকৈ মাৰ-পিট গুৰুতৰ ভাবে আহত কৰে।
মাতৃক মাতি আনিবলৈ যোৱা নাৱালিকাৰ ওপৰতো জপিয়াই পৰা ৰফিকুলে মাৰ-পিট কৰাৰ লগতে শৰীৰৰ বিভিন্ন অংগত স্পৰ্শ কৰি শালীনতা হানি কৰিবলৈ লয়।নাৱালিকা গৰাকীৰ চিঞঁৰ বাখৰত মাতৃৰ লগতে পৰিয়ালৰ লোকে কোনোমতে উদ্ধাৰ কৰে।
ৰফিকুলৰ আক্ৰমণত গুৰুতৰ ভাবে আহত মাতৃ-কন্যাক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত চিকৎসাধীন কৰায়।
ঘটনা সন্দৰ্ভত স্থানীয় নয়াহাট আৰক্ষী চকীত ভুক্তভোগী পৰিয়ালে ৰফিকুলসহ তিনিজনৰ বিৰুদ্ধে দাখিল কৰে এখন এজাহাৰ।যোৱা ৫ অক্টোৱৰতে সংঘটিত ঘটনা সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে নয়াহাট আৰক্ষীৰ বিৰুদ্ধে।
সম্প্ৰতি চৰম নিৰাপত্তাহীনতাত ভোগা পৰিয়ালটিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিছাৰি জনাইছে কাতৰ আহ্বান ।