ঢকুৱাখনাৰ অৱসৰী শিক্ষক,সমাজকৰ্মী
জিতেন তামুলীৰ মৃত্যু
ঢকুৱাখনা,৯অক্টোবৰ:
ঢকুৱাখনাৰ জনজীৱনৰ প্ৰায় সকলোবোৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত নিবিড় ভাবে জড়িত আৰু সৰবৰাহী সমাজ হিতৈষী ব্যক্তি ঘাঁহি গাওঁ নিবাসী জিতেন তামুলী(৭৪) ৰ বুধবাৰে সন্ধিয়া পৰলোকপ্ৰাপ্তি ঘটে। মধুমেহ ৰোগত আক্ৰান্ত তামুলী বিগত কিছুদিন ধৰি নিজ ডাঙৰ -জোৱাইৰ গোগামুখস্থ ঘৰতে পত্নী সহ আছিল। দিনটো স্বাভাৱিক ভাৱে কটোৱাৰ পিছত সন্ধিয়া হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে সন্ধিয়া প্ৰায় ৬-১০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। শিক্ষাকতাক পেশা হিচাপে লৈ তেওঁ সৰ্বস্তৰৰ ৰাইজৰ মাজত সমাজকৰ্মী হিচাপে অংশগ্ৰহণ কৰিছিল। ৩০ বছৰৰো অধিক কাল বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰাৰ পিছত ২০১৪ চনত ২৪০ নং কাঠৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা তামুলী সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনী আজীৱন সদস্য ,ঢকুৱাখনা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন উপদেষ্টা , ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সক্ৰিয় সদস্য, ঘাহি গাঁও ভাস্কৰ কৃষ্টি ভৱন পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি আৰু প্ৰাক্তন সম্পাদক , মুকুল মইনা পাৰিজাত ,ঘাহি গাঁও ঢকুৱাখনাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু উপদেষ্টা, ফাটবিহু সমিতিৰ সক্ৰিয় সদস্য আদি বিভিন্ন সামাজিক সংগঠনৰ নেতৃত্ব দিছিল। এসময়ত ৰূপজ্যোতি ক্লাব আৰু ঢকুৱাখনা টাউন ক্লাবৰ হৈ ফুটবল খেলি ঢকুৱাখনাৰ ক্ৰীড়া জগতৰ এজন অতি দক্ষ খেলুৱৈ হিচাপে পৰিগণিত হৈছিল। একেদৰে অভিনেতা হিচাবেও সু পৰিচিত তামুলীয়ে ভাওনাৰ বিভিন্ন চৰিত্ৰৰ লগতে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ “কালকেতু” চৰিত্ৰৰ পাৰদৰ্শী অভিনয়ে সুদীর্ঘ সময় ধৰি দৰ্শকক সন্মোহিত কৰি আহিছিল ।মৃত্যুৰ সময়ত তেওঁ পত্নী দুলুমণি বৰুৱা আৰু তিনিগৰাকী কন্যা, এজন জোৱাই আৰু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।