ধৰ্মপ্ৰাণ মহিলা বীণা দেৱী গোস্বামীৰ পৰলোক
ঐতিহাসিক শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ ষষ্ঠজনা অধিকাৰ যশোদানন্দ দেৱগোস্বামীৰ সহধৰ্মীনি
চাইন অন ডেস্ক,৮অক্টোবৰ:
ডিব্ৰুগড় জিলা চাবুৱা লাহোৱাল বিধান সভা সমষ্টিৰ অন্তগৰ্ত তথা মদাৰখাত মৌজাৰ ঐতিহাসিক শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ ষষ্ঠজনা অধিকাৰ যশোদানন্দ দেৱগোস্বামীৰ সহধৰ্মীনি,ধৰ্মপ্ৰাণ মহিলা বীণা দেৱী
গোস্বামী বাধক্যজনিত কাৰণত বুধবাৰে আবেলি ৪ বাজি ৫০ মিনিটত ইহলীলা সম্বৰণ কৰে।১৯৩২ চনৰ ৪ ছেপ্টেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰা বীনা দেৱী গোস্বামীৰ পৰলোকৰ সময়ত বয়স হৈছিল ৯৪ বছৰ।বৃহত্বৰ মদাৰখাত মৌজাৰ এগৰাকী বয়োজেষ্ঠ ধৰ্মপ্ৰাণ মহিলা হিচাপে পৰিচিত বীণা দেৱী গোস্বামী ঐতিহাসিক শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ সকলোবোৰ ধৰ্মীয় অনুষ্ঠানৰ লগতে এগৰাকী ঘাই নামতি হিচাপেও পৰিচিত আছিল।অঞ্চলটোৰ প্ৰায়বোৰ নামগঘৰ আৰু ধৰ্মীয় অনুষ্ঠানৰ সৈতে জৰিত সত্ৰৰ বয়োজ্যেষ্ঠ আই গৰাকী মৃত্যুত সত্ৰ খনৰ লগতে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বৈষ্ণৱানন্দ গোস্বামী, সত্ৰ পৰিচালনা সমিতিৰ সভাপতি হীৰা হাজৰিকা সম্পাদক সঞ্জয় দত্ত,লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি হোমেন ফুকন,সম্পাদক দিবাকৰ দত্ত,সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ বিদ্যুৎ সাগৰ দত্ত, তামোলবাৰী জ্যোতিতীৰ্থ হৈ যাদৱ গগৈ, শ্ৰীশ্ৰী অনিৰুদ্ধ সেৱা সমিতিৰ অসমৰ সভাপতি লনাথ চৌখাম,সম্পাদক হলিৰাম ফুকন, শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণ জ্যোতি সন্দিকৈ,প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, বানিপুৰৰ পূবেৰুণ সংগীত বিদ্যালয়,গোহাঁই গাঁও, কৈবত্ত গাঁও, হাটখোলা গাঁও, দিহিঙীয়া গাঁও,মেলেঙীয়াল গাঁও,হাবিচুক গাঁও, আলিমুৰ,ৰমাই গাঁও কে ধৰি সত্ৰ খনৰ ওচৰ চুবুৰীয়া প্ৰতিখন গাঁও আৰু নামঘৰে জ্যেষ্ঠ আই গৰাকী পৰলোক হোৱাত গভীৰ শোক প্ৰকাশ কৰা লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। বীণা দেৱী গোস্বামীয়ে পৰলোকৰ সময়ত ঐতিহাসিক শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ যুবাধিকাৰ দিব্যজ্যোতি গোস্বামী(পুত্ৰ), বোৱাৰী, সৰু বোৱাৰী,সাত গৰাকী জী জোঁৱাই,নাতি নাতিনীকে ধৰি অসংখ্য আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ গৈছে।কাইলৈ পুৱা মায়ামৰা ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰে তেখেতৰ অন্তিম সৎকাৰ কৰা হব।ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত থকা সত্ৰখনৰ শিষ্য ভকত বৈষ্ণব সকলে অন্তিম সৎকাৰৰ বাবে সত্ৰলৈ আগমন ঘটিছে।