...

হোমষ্টেৰ নামত অনৈতিক কাৰ্যকলাপ!গুৱাহাটীৰ ভয়ংকৰ ঘটনাৰ প্ৰসংগ টানি ডিব্ৰুগড়তো চোকা দৃষ্টি ৰাখিবলৈ আটছাৰ আহ্বান

হোমষ্টেৰ নামত অনৈতিক কাৰ্যকলাপ!

গুৱাহাটীৰ ভয়ংকৰ ঘটনাৰ প্ৰসংগ টানি ডিব্ৰুগড়তো চোকা দৃষ্টি ৰাখিবলৈ আটছাৰ আহ্বান

ডিব্ৰুগড় ৫ অক্টোবৰ:-

পৰ্যটন খণ্ডৰ বিকাশৰ নামত ৰাজ্যজুৰি গঢ়ি উঠা একাংশ হোমষ্টে (Homestay) বৰ্তমান সময়ত অনৈতিক কাৰ্যকলাপ, ড্ৰাগছ সৰবৰাহ আৰু ভয়ংকৰ অপৰাধৰ সুৰক্ষিত ঘাটিলৈ ৰূপান্তৰিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ মহানগৰী গুৱাহাটীৰ ধাৰাপুৰস্থিত এটা হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাজবিজ্ঞান বিভাগৰ এগৰাকী ২২ বছৰীয়া মেধাৱী ছাত্ৰীৰ ৰহস্যজনক মৃত্যু আৰু হত্যাৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি যোৱাৰ পাছতে এতিয়া ডিব্ৰুগড়তো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ডিব্ৰুগড় চহৰ আৰু ইয়াৰ আশে-পাশে থকা হোমষ্টেসমূহৰ ওপৰত জিলা প্ৰশাসনক চোকা দৃষ্টি ৰাখিবলৈ দাবী জনাইছে অসম চাহ জনজাতি ছাত্ৰ সন্হা চমুকৈ আটছাই।
এক বিবৃতিত আটছাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মিয়ে গুৱাহাটীৰ ভয়ংকৰ ঘটনাসমূহৰ প্ৰসংগ উত্থাপন কৰি কয় যে গুৱাহাটীৰ ধাৰাপুৰৰ হোমষ্টেটোত কোনো ধৰণৰ বৈধ নথি বা গ্ৰাহকৰ পৰিচয় পত্ৰ পৰীক্ষা নকৰাকৈ কোঠা এৰি দিয়া হৈছিল। আনকি যুৱতীগৰাকীক তাত সুৰা যোগান ধৰি যৌন নিৰ্যাতন আৰু শাৰীৰিক অত্যাচাৰ চলাই হত্যা কৰাৰ দৰে জঘন্য কাৰ্য সংঘটিত হ’ল। কেৱল সেয়াই নহয়, জালুকবাৰীৰ ‘ছানফ্লাৱাৰ হোমষ্টে’ত আৰক্ষীৰ অভিযানত আন এগৰাকী যুৱতীক উদ্ধাৰ কৰা হৈছে আৰু গুৱাহাটীৰে চচল অঞ্চলৰ এটা হোমষ্টেৰ পৰা মণিপুৰৰ ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আধা কেজিতকৈও অধিক হেৰোইন জব্দ কৰা হৈছে। এই সকলোবোৰ ঘটনাই প্ৰমাণ কৰে যে একাংশ হোমষ্টে স্বত্বাধিকাৰীয়ে কেৱল টকা উপাৰ্জনৰ স্বাৰ্থত সমাজখনক ধ্বংসৰ গঢ়ালৈ ঠেলি দিছে।
আটছা নেতাজনে উদ্বেগ প্ৰকাশ কৰি কয় যে গুৱাহাটীৰ দৰে পৰিস্থিতি এতিয়া পৰ্যটন নগৰী ডিব্ৰুগড়তো গঢ়ি উঠিছে। ডিব্ৰুগড়ৰ আৱাসিক অঞ্চলসমূহৰ ভিতৰত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ হোমষ্টে এতিয়া পৰ্যটকৰ পৰিৱৰ্তে কেৱল মাত্ৰ ডেটিং স্পট বা অবৈধ কাৰ্যৰ আড্ডাস্থলী হৈ পৰিছে। এইসমূহ ঠাইত স্থানীয় আৰক্ষী বা প্ৰশাসনৰ কোনো নিয়ন্ত্ৰণ নোহোৱাৰ বাবেই অপৰাধী আৰু অনৈতিক কাৰ্যত লিপ্ত লোকৰ বাবে ই এক স্বৰ্গৰাজ্য হৈ পৰিছে। ইয়াৰ ফলত আমাৰ থলুৱা শান্তিপূৰ্ণ সামাজিক পৰিৱেশ বিনষ্ট হোৱাৰ উপৰি যুৱ প্ৰজন্ম ভয়ংকৰভাৱে বিপথে পৰিচালিত হৈছে।
ডিব্ৰুগড়ৰ পৰিৱেশ সুৰক্ষিত কৰিবলৈ আটছাৰ সহকাৰী সাধাৰণ সম্পাদকগৰাকীয়ে জিলা প্ৰশাসনৰ ওচৰত
ডিব্ৰুগড় জিলাৰ প্ৰতিটো হোমষ্টেৰ চৰকাৰী পঞ্জীয়ন আৰু পৰ্যটন বিভাগৰ বৈধ অনুজ্ঞাপত্ৰ থকাটো জিলা প্ৰশাসনে জৰুৰীভাৱে পৰীক্ষা কৰাৰ লগতে প্ৰতিখন হোমষ্টেত চিচিটিভি সক্ৰিয় থকাটো আৰু প্ৰতিগৰাকী অতিথিৰ সঠিক পৰিচয় পত্ৰ সংগ্ৰহ কৰাটো বাধ্যতামূলক কৰিবলৈ দাবী জনায় আৰু যিবোৰ হোমষ্টেত কোনো ধৰণৰ চৰকাৰী নিয়ম উলংঘা কৰি অনৈতিক বা অপৰাধমূলক কাৰ্যকলাপ চলাই থকা হৈছে, সেইবোৰ চিনাক্ত কৰি অনুজ্ঞাপত্ৰ বাতিল কৰি থিতাতে ছীল কৰাৰো আটছা নেতা গতাকীয়ে গুৰুত্বপূৰ্ণ দাবী উথাপন কৰে কৰে।তেওঁ প্ৰশাসনক সজোৰে সকীয়াই দি কয় যে, ডিব্ৰুগড়ৰ সমাজ ব্যৱস্থাক কোনো কাৰণতে কলুষিত হ’বলৈ দিয়া নহ’ব। যদিহে জিলা প্ৰশাসনে অতি সোনকালে এই অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে চোকা দৃষ্টি বা ধাৰাবাহিক অভিযান নচলায়,তেন্তে গুৱাহাটীৰ দৰে জঘন্য কাণ্ড ডিব্ৰুগড়তো সংঘটিত হোবাৰ সম্ভৱনা অধিক।সেয়েহে ডিব্ৰুগড়ৰ সমাজ জীৱন সুৰক্ষাৰ স্বাৰ্থত সময় থাকোতে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক আটছাই আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *