‘ডিব্ৰুগড়ত আমোলাপট্টি এম.ভি. স্কুলত
‘অহিংসা দিৱস উদযাপন’
চাইন অন ডেস্ক,২অক্টোবৰ:

এই উপলক্ষে পুৱা বিদ্যালয়ৰ প্ৰাতঃ সভাৰ আৰম্ভণিতে বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী শ্ৰীমতী ৰূপালী দাসে “অহিংসা সংকল্প” পাঠ কৰে আৰু উপস্থিত সকলো শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীয়ে একেলগে হাত উঠাই শপত গ্ৰহণ কৰে। সংকল্পত – জীৱনত সদায় সত্য আৰু অহিংসাৰ পথত চলা, হিংসা বৰ্জন কৰাৰ প্ৰতিশ্ৰুতি লোৱা হয়।

আজিৰ এই কাৰ্যসূচীত বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰূপালী দাস, নিপুজ্যোতি গগৈ, কল্যাণী দাস, শেৱালী দত্ত, বনশ্ৰী ফুকন আদি শিক্ষয়িত্ৰীয়ে মহাত্মাৰ জীৱন আৰু তেওঁৰ কৰ্মৰ সন্দৰ্ভত চমুকৈ বক্তব্য ৰাখে। বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সংযুক্তা দাসকে ধৰি বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱ সকল উপস্থিত থাকে। শেষত ছাত্ৰ-ছাত্ৰীসকলে গান্ধীজীৰ প্ৰিয় ভজন “ৰঘুপতি ৰাঘৱ ৰাজা ৰাম” পৰিৱেশন কৰে।