এছিয়ান গেমছৰ মহিলা হকী
ফাইনেলত প্ৰৱেশ ভাৰতৰ
আইচি-নাগ’য়া :
সুদীর্ঘ ৪৪ বছৰৰ পাছত এছিয়ান গেমছৰ
মহিলা হকীত স্বর্ণপদক দখল কৰাৰ সুবর্ণ সুযোগ লাভ কৰিছে ভাৰতীয় মহিলা হকী দলটোৱে। জাপানত পূর্ণগতিত চলি থকা প্রতিযোগিতাখনৰ হকী ইভেন্টৰ আজি অনুষ্ঠিত তীব্র উত্তেজনাপূর্ণ ছেমিফাইনেল মেচখনত ভাৰতীয় মহিলা দলটোৱে দক্ষিণ কোৰিয়াক ২-০ গ’লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। শুকুৰবাৰে হ’বলগীয়া স্বৰ্ণপদক যুঁজৰ মেচখনত ভাৰতে ডিফেন্ডিং চেম্পিয়ন চীনৰে মুখামুখি হ’ব। ভাৰতীয় মহিলা দলটোৱে প্ৰথমৰ পৰাই আক্ৰমণাত্মক খেল খেলি দক্ষিণ কোৰিয়াক চাপত ৰাখিবলৈ সক্ষম হৈছিল। অৱশ্যে প্রথমার্ধত ভাৰতীয় দলটোৱে কেইবাটাও পেনাল্টা কর্নাৰ নষ্ট কৰে। খেলখনৰ ৪৪ মিনিটত ইছিকা চৌধুৰীয়ে গ’ল স্ক’ৰ কৰি ভাৰতীয় দলটোক গুৰুত্বপূৰ্ণ অগ্রগতি দিয়াৰ চাৰি মিনিট পাছতে অধিনায়িকা ছেলিমা টেটেই আন এটা গ’ল স্ক’ৰ কৰি দলটোক ২-০ গ’লত জয়ৰ সোৱাদ দিয়ে। উল্লেখ্য যে ভাৰতীয় মহিলা দলটোৱে ১৯৮২ চনত নতুন দিল্লীত অনুষ্ঠিত এছিয়ান গেমছৰ হকীত অন্তিমবাৰৰ বাবে স্বৰ্ণপদক লাভ কৰিছিল।