...

অৱশেষত দশকৰ পিছত ইৰাকৰ পৰা সম্পূৰ্ণৰূপে সেনা প্রত্যাহাৰ আমেৰিকাৰ

অৱশেষত দশকৰ পিছত ইৰাকৰ পৰা সম্পূৰ্ণৰূপে সেনা প্রত্যাহাৰ আমেৰিকাৰ

ৱাশ্বিংটন,৩০ছেপ্টেম্বৰঃ

ইৰানৰ সৈতে ধাৰাবাহিক সামৰিক সংঘাত আৰু উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে মধ্যপ্রাচ্যত বৃহৎ কূটনৈতিক তথা সামৰিক সিদ্ধান্ত গ্রহণ কৰে আমেৰিকাই। দুই দশকৰো অধিক কাল পাছত বাশ্বিংটনে দেশখনৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিছে সামৰিক বাহিনী। ইয়াৰ ফলত ইৰানৰ চুবুৰীয়া দেশখনত এতিয়াৰ পৰা নাথাকিব আমেৰিকান সেনাৰ ঘাটি। ৰায়টাৰ্ছত প্রকাশিত এখন প্ৰতিবেদনত অহা বুধবাৰ আৰু বৃহস্পতিবাৰৰ ভিতৰত ইৰাকৰ বাকীকেইটা ঘাটিৰ পৰাও ক্ৰমে আমেৰিকান সেনা প্রত্যাহাৰ কৰিব বুলি তথ্য পোহৰলৈ আহিছে। উল্লেখ্য যে ২০২৪ চনত তেতিয়াৰ মার্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ

কাৰ্যকালত বাগদাদ চৰকাৰৰ সৈতে এখন সেনা প্রত্যাহাৰ সংক্ৰান্তীয় চুক্তি স্বাক্ষৰিত হৈছিল। বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প চৰকাৰে বৰ্তমান সেই চুক্তি চূড়ান্তভাৱে কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৎপৰ্যপূৰ্ণ যে যোৱা সপ্তাহত

ট্রাম্পে ইৰানৰ বিৰুদ্ধে নতুনকৈ সামৰিক অভিযান আৰম্ভ কৰাৰ ইংগিত দিছিল। এনে সন্ধিক্ষণত ইৰাকৰ পৰা পেন্টাগনে সেনা আঁতৰাই অনাৰ সিদ্ধান্তই তেহৰানৰ সামৰিক আৰু কৌশলগত স্থিতি অধিক মজবুত কৰিব বুলি সামৰিক বিশেষজ্ঞসকলে মতপোষণ কৰিছে। শেহতীয়াকৈ প্রকাশ পোৱা কেইবাটাও বাতৰি অনুসৰি, ইৰান সমৰ্থিত সশস্ত্র গোট এমপিএফ আৰু ইৰান সেনাৰ এলিট গোট ইছলামিক বিভ’লিউছনাৰী গাৰ্ডৰ প্ৰত্যক্ষ তত্ত্বাৱধানত গঠিত গোটে মধ্যপ্রাচ্যৰ মার্কিন সেনা ঘাটিত আক্ৰমণৰ আশংকা কৰা হৈছিল। ইয়াৰ মাজতে সেনা প্রত্যাহাৰে কি মোৰ লয় সেয়া লক্ষণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *