...

ম্যানমাৰত জুন্টা সেনাৰ বৰ্বৰ আক্ৰমণত নিহত ৪৯ ৰাখাইন প্রদেশত বিমানেৰে বোমাবর্ষণ : আহত অর্ধশতাধিক

ম্যানমাৰত জুন্টা সেনাৰ বৰ্বৰ আক্ৰমণত নিহত ৪৯

ৰাখাইন প্রদেশত বিমানেৰে বোমাবর্ষণ : আহত অর্ধশতাধিক

নেইপিদাও,৩০ছেপ্টেম্বৰঃ

সামৰিক শাসনৰ চেপাত পিষ্ট হৈ পৰা ম্যানমাৰত পুনৰ সংঘটিত হৈছে ভয়ংকৰ আৰু বৰ্ষৰ গণসংহাৰ। দেশখনৰ বিদ্ৰোহী অধ্যুষিত ৰাখাইন প্রদেশত সামৰিক শাসক অর্থাৎ জুণ্টা সেনাৰ যুদ্ধ বিমানৰ অতর্কিত বোমাবর্ষণত অতিকমেও ৪৯জন নিৰীহ লোকৰ কৰুণ মৃত্যু হোৱাৰ লগতে ভয়াৱহ আক্রমণত অতিকমেও ৫৮জন লোক গুৰুতৰভাৱে আহত হয়। এখন জনবহুল বজাৰত চলোৱা নির্দয় আক্ৰমণৰ পিছত সমগ্ৰ অঞ্চলটোত চৰম আতংকই বিৰাজ কৰিছে। উল্লেখ্য যে ৰাখাইন প্রদেশৰ পৰাই এসময়ত সামৰিক অভিযান চলাই প্রায় ৭ লাখ ৰোহিংগিয়াক খেদি পঠিওৱা হৈছিল। বিদ্রোহী সংগঠন আৰাকান আৰ্মীৰ সূত্রই

সদৰী কৰা মতে, পশ্চিম মান্দালয়ৰ পৰা প্রায় ৩৪০ কিলোমিটাৰ নিলগত অৱস্থিত কায়াকটাও টাউনশ্বিপৰ সমীপবর্তী এখন জনাকীর্ণ বজাৰ এলেকাক লক্ষ্য কৰি আজি দিনৰ ভাগত বিমান আক্রমণ চলায়। বজাৰখনত সামগ্রী ক্রয়-বিক্রয়ৰ বাবে বহু লোকৰ সমাগম হৈছিল। বিদ্রোহী ঘাটি উচ্ছেদৰ অজুহাতত জুণ্টা সেনাৰ যুদ্ধ বিমানে শশ লোকৰ ওপৰত এটাৰ পিছত আনটো শক্তিশালী বোমা নিক্ষেপ কৰে। বোমাৰ আঘাতত থিতাতে কেইবাগৰাকী লোকৰ লগতে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মুঠ ৪৯জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে। ইফালে, আহত ৫৮জন লোকৰ ভিতৰত ২২জনৰ অৱস্থা সংকটজনক বুলি আৰক্ষীয়ে সদৰী কৰিছে। ভয়ংকৰ আক্ৰমণৰ পাছত তীব্র প্রতিক্রিয়া প্রকাশ কৰি আৰাকান আৰ্মীৰ ফালৰ পৰা কঠোৰ হুংকাৰ দিয়ে। বিদ্রোহী সংগঠনটোৱে স্পষ্ট কৰি দিয়ে যে এই বৰ্বৰ ঘটনাত জড়িত কোনো এজন সামৰিক বিষয়া বা সেনাক ৰেহাই দিয়া নহ’ব। ইয়াৰ প্ৰত্যুত্তৰত শীঘ্রেই কঠোৰ পদক্ষেপ গ্রহণ কৰা হ’ব। আৰাকান আর্মী আৰু ৰাখাইনত উদ্ধাৰ কাৰ্যত নিয়োজিত উচ্চপদস্থ বিষয়াও আক্রমণটো প্রাণঘাটি আৰু বৰ্বৰ বুলি উল্লেখ কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা বছৰ ডিচেম্বৰত ৰাখাইন প্রদেশৰ পশ্চিম প্রান্তৰ এখন চিকিৎসালয়ত কৰা আক্ৰমণত ৩০জন লোক নিহত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *