কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত ৰজকলৈ ‘দৰদী সংবাদ প্ৰহৰী-২০২৬’ বঁটা
যোৰহাটত ৪ অক্টোবৰত প্ৰদান কৰিব আছাম ফ্লাচ নেচনেলে
মহুৰামুখ,২৯ছেপ্টেম্বৰ :
জনপ্ৰিয় ডিজিটেল মিডিয়া “আছাম ফ্লাচ নেচনেল”
ৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে প্ৰদান কৰিবলগীয়া “দৰদী সংবাদ প্ৰহৰী-২০২৬” সন্মানৰ বাবে কাজিৰঙাৰ নিয়মীয়া বাৰ্তাৰ জ্যেষ্ঠ সাংবাদিক তথা নিউজ লাইভৰ জ্যেষ্ঠ ব্যুৰো চীফ ৰঞ্জিত ৰজকক নিৰ্বাচিত কৰা হৈছে।

উল্লেখ্য যে ৰঞ্জিত ৰজকে ২০০৪ চনৰ পৰাই সংবাদ সেৱাৰ লগত জড়িত হৈ কাজিৰঙাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় ৰাইজৰ মাজলৈ নিৰন্তৰভাৱে তুলি ধৰি আহিছে।
আনহাতে, শেহতীয়াকৈ তেওঁ প্ৰবীণ সাংবাদিক বিমল আগৰৱালা সোঁৱৰণী “সংবাদ সেঁতু বঁটা-২০২৬” লাভ কৰিছে। ইয়াৰ পূৰ্বেও তেওঁ অসম ছাত্ৰ পৰিষদৰ বোকাখাত সমষ্টি সমিতিৰ “শ্ৰেষ্ঠ যুৱ সাংবাদিক বঁটা”, “মুক্তি যোদ্ধা ডম্বী কামান সোঁৱৰণী জিলা শ্ৰেষ্ঠ সাংবাদিক বঁটা-২০২১”, “শ্ৰেষ্ঠ সেৱাশ্ৰী বঁটা”, “মুখ্যমন্ত্ৰী বঁটা-২০১১”, “গোলাঘাট গৌৰৱ বঁটা-২০১৪”, “জীৱনজোৰা সাধনা বঁটা-২০১৬” (আন্তঃৰাষ্ট্ৰীয়), “বনেশ্বৰ মহন্ত সোঁৱৰণী সাংবাদিক বঁটা”, “সাগৰ বৰা সোঁৱৰণী ইলেকট্ৰনিক মিডিয়া গৰিমা বঁটা-২০২০” আৰু “বন্যপ্ৰাণী শ্ৰেষ্ঠ সংবাদ সেৱা বঁটা”কে ধৰি বহুকেইটা সন্মান লাভ কৰিছে। “দৰদী সংবাদ প্ৰহৰী-২০২৬” সন্মান লাভ কৰা ৰঞ্জিত ৰজকলৈ অভিনন্দন জনাইছে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গোলাঘাট জিলা সমিতি, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা, কামাৰগাঁও প্ৰেছ ক্লাব, মহুৰামুখ প্ৰেছ ক্লাব আদি বিভিন্ন দল সংগঠনে।