...

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ, ৰক্ত পৰীক্ষা আৰু HIV/ড্ৰাগ সজাগতা কাৰ্যসূচী

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ, ৰক্ত পৰীক্ষা আৰু HIV/ড্ৰাগ সজাগতা কাৰ্যসূচী

চাইন অন ডেস্ক,২৫ছেপ্তেম্বৰ:

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ লেকাই উপ-স্বাস্থ্য কেন্দ্ৰত ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ, ৰক্ত পৰীক্ষা আৰু HIV/ড্ৰাগ সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

এই স্বাস্থ্য শিবিৰত হেপাটাইটিছ-বি, হেপাটাইটিছ-চি, ৰক্তহীনতা (Anaemia), HIV, ছিফিলিছ (Syphilis), ছিকল চেল এনিমিয়া (Sickle Cell Anaemia), ৰক্ত শৰ্কৰা (Blood Sugar), ৰক্তচাপ (Blood Pressure) আদিকে ধৰি বিভিন্ন ধৰণৰ স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় ৰক্ত পৰীক্ষা সম্পন্ন কৰা হয়। শিবিৰত অংশগ্ৰহণ কৰা হিতাধিকাৰীসকলক প্ৰয়োজনীয় স্বাস্থ্য পৰামৰ্শ, কাউন্সেলিং তথা HIV আৰু ড্ৰাগ-সম্পৰ্কীয় স্বাস্থ্যজনিত বিষয়সমূহৰ বিষয়ে সজাগতা প্ৰদান কৰা হয়।

এই বিশেষ স্বাস্থ্য শিবিৰটো সমাজৰ মাজত স্বাস্থ্য সজাগতা বৃদ্ধি কৰা, প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ প্ৰতি উৎসাহিত কৰা আৰু বিভিন্ন ৰোগৰ আগতীয়া চিনাক্তকৰণৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয়। শিবিৰটো সফলভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত Seva IT NGO, Dibrugarh District-এ মূল্যৱান সহায়-সহযোগিতা আগবঢ়ায়।

ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ নেতৃত্ব আৰু দিক-নিৰ্দেশনাত স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে এই কাৰ্যসূচীটো সুচাৰুৰূপে আৰু সফলভাৱে সম্পন্ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
স্বাস্থ্য শিবিৰটোত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি কাৰ্যসূচীটো সফল কৰি তোলাত উল্লেখযোগ্য অৱদান আগবঢ়ায় ক্ৰমে মৃগেন যাদৱ(বহুমুখী স্বাস্থ্য কৰ্মী),দুধ নাথ ৰজক(লেৱ টেক),ত্ৰিবেণী গগৈ(এএনএম),কৃষ্ণা হাজৰিকা(আশা কৰ্মী)আৰু কাযালয়ৰ সহায়ক অনিতা স্বৰ্গীয়াৰী আদিয়ে।

এই কাৰ্যসূচীয়ে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সহজলভ্য, প্ৰতিৰোধমূলক আৰু সমাজমুখী স্বাস্থ্যসেৱা আগবঢ়োৱাৰ প্ৰতি স্বাস্থ্য বিভাগৰ দায়বদ্ধতা প্ৰতিফলিত কৰে। সমাজৰ স্বাস্থ্য, কল্যাণ আৰু সামগ্ৰিক মংগলৰ বাবে এনে জনকল্যাণমূলক স্বাস্থ্য কাৰ্যসূচী আগলৈও অব্যাহত ৰখা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *