নগৰবেৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ চাঞ্চল্যকৰ অভিযোগ
পঞ্চায়ত কাৰ্যালয়ত সংবাদমেল
নগৰবেৰা,২৫ছেপ্টেম্বৰ:
কামৰূপ জিলাৰ বকো-ছয়গাঁও সমষ্টিৰ নগৰবেৰা গাঁও পঞ্চায়তত একাংশ সদস্যই চৰম অৰাজকতাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্বয়ং পঞ্চায়ত সভানেত্ৰীয়ে। ৩১ নং নগৰবেৰা গাঁও পঞ্চায়ত কাৰ্যালয়ত আজি আয়োজন কৰা এক সংবাদমেলত সভানেত্ৰী অমিয়া বেগমে কয় যে, গাঁও পঞ্চায়তখন সুচাৰুৰূপে চলাই নিবলৈ সহযোগ কৰা নাই তিনি গৰাকী ৱাৰ্ড সদস্যাই। পঞ্চায়ত গঠন হোৱাৰ পিছৰেপৰা তিনিও সদস্যাই
সভানেত্ৰী অমিয়া বেগমক মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে উন্নয়ণমূলক কামকাজত বাধাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে সভানেত্ৰীয়ে। গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যা দিপিকা কলিতা, ইলি মেধি আৰু মাবিয়া ভূঞাৰ বিৰুদ্ধে সভানেত্ৰী অমিয়া বেগমে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ । নগৰবেৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃটিছৰ দিনৰ নগৰবেৰা বজাৰৰ মাজমজিয়াৰ মূল পথটো বছৰৰ বাৰ মাহেই বোকাময় হৈ থকাত সাধাৰণ ৰাইজৰ লগতে ব্যৱসায়ী সকলে যমৰ যাতনা ভূগি আছিল। বজাৰৰ মাজ মজিয়াৰ পথটো ৰাইজৰ দাবীৰ প্ৰতি গুৰুত্বাৰোপ কৰি পেভাৰ ব্লকে’ৰে পকীকৰণ কৰা হয় । সম্পূৰ্ণ চৰকাৰী নীতি- নিয়মৰ মাজেৰে পথ পকীকৰণ কৰাৰ পাছতো উল্লেখিত তিনি সদস্যাই অপপ্ৰচাৰ চলোৱাত ক্ষোভ ব্যক্ত কৰিছে সভানেত্ৰীয়ে। প্ৰয়োজন সাপেক্ষে তদন্ত কৰাৰো আহ্বান জনায় সভানেত্ৰী অমিয়া বেগমে । পঞ্চায়তীৰাজ আইনৰ নীতি নিৰ্দেশনা মতেই নগৰবেৰা গাঁও পঞ্চায়তৰ সকলো কামকাজ চলি থকাৰ পিছতো নিজৰ স্বাৰ্থ পূৰণ নোহোৱাৰ বাবেই প্ৰতিটো কাম কাজতে তিনিওগৰাকী সদস্যাই অনাহক বাধাৰ সৃষ্টি কৰা বুলিও অভিযোগ। যাৰ ফলত পঞ্চায়তৰ বিভিন্ন উন্নয়ণমূলক কাম বাধাগ্ৰস্ত হোৱা বুলিও যুক্তি দৰ্শাই সভানেত্ৰী গৰাকীয়ে। শীঘ্ৰে এইক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে স্বয়ং সভানেত্ৰী অমিয়া বেগমে।