ডিব্ৰুগড়ত জিলাত প্ৰাপ্তবয়স্ক নিৰক্ষৰ মাজত পৰীক্ষা সম্পন্ন
১১,৭০০ নিৰক্ষৰ লোকক চিনাক্ত-১৬০০ পৰীক্ষাত অৱতীৰ্ণ
চাইন অন ডেস্ক,২৩ছেপ্তেম্বৰ:
সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়তো প্ৰাপ্তবয়স্ক শিক্ষা বিভাগৰদ্বাৰা ১৫ বছৰৰ ওপৰৰ নিৰক্ষৰ লোকক চিনাক্ত কৰি তেঁওলোকক পৰীক্ষাত অৱতীৰ্ণ কৰা হৈছে। ডিব্ৰুগড় জিলাত ২০২৬-২০২৭ বৰ্ষত চাৰিটা শিক্ষা খণ্ডৰ অধীনত প্ৰাপ্তবয়স্ক ১১,৭০০ লোকক সদ্যহতে চিনাক্ত কৰি তাৰ ভিতৰত ১,৬০০ জনক পৰীক্ষাত অৱতীৰ্ণ কৰা হৈছে। এইলোক সকলক নিদিষ্ট কৰা বিদ্যালয়ত পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত কৰাৰ বাবে মিছন কৰ্তৃপক্ষৰ 
ডিব্ৰুগড় জিলাৰ টিংখং প্ৰগতি এভি স্কুলত প্ৰাপ্তবয়স্ক বয়স্ক নিৰক্ষৰক চিনাক্ত কৰি সেই সকলক পৰীক্ষাত অৱতীৰ্ণ কৰোৱা হয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিজু কোঁৱৰ, টিংখং চি,আৰ চি বিজু দত্ত, জিলাৰ প্ৰাপ্তবয়স্ক শিক্ষা বিভাগৰ সমন্বয়ক হেমন্ত হাজৰিকা, সহকাৰী সমন্বয়ক অনিল প্ৰসাদ সিংহ, ক্ষেত্ৰকৰ্মী চানলী ফুকন,পৰশ মণি হাজৰিকা আদিৰ লগতে অনান্য বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকললো উপস্থিত থাকে।