ডিব্ৰুগড়ত ‘প্ৰতিশ্ৰুতি’ৰ বিশ্ব চি এম এল দিৱস উদ্যাপন
চাইন অন ডেস্ক,২৩ ছেপ্টেম্বৰঃ
প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট চমুকৈ ‘প্ৰতিশ্ৰুতি’ৰ উদ্যোগত আৰু অসম চিকিসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ সহযোগত কালি ‘বিশ্ব চি এম এল দিৱস’ পালন কৰা হয়৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ মূৰব্বী অধ্যাপক ডাঃ প্ৰশান্ত দিহিঙীয়াই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে ‘প্ৰতিশ্ৰুতি’ৰ এই পদক্ষেপৰ
শলাগ লয়৷ এই ৰোগৰ বি চি আৰ-এ বি এল নামৰ মলিকুলাৰ পৰীক্ষাৰ বাবে ‘প্ৰতিশ্ৰুতি’য়ে ৰোগীসকলৰ বাবে ২০২৩ চনৰ পৰা প্ৰদান কৰা আৰ্থিক অনুদানৰ বাবেও তেখেতে ‘প্ৰতিশ্ৰুতি’ৰ শলাগ লৈ এই ৰোগৰ লগত জড়িত তেখেতৰ অভিজ্ঞতৰ বিষয়েও বক্তব্যত উল্লেখ কৰি উপস্থিত ৰোগীসকলক নিয়মীয়াকৈ ঔষধ সেৱন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷ মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডাঃ দামোদৰ দাসে চি এম এল ৰোগৰ লক্ষণ, চিকিৎসা প্ৰণালী আৰু ল’বলগা সাৱধানতাৰ বিষয়ে বিশদভাৱে আলোকপাত কৰে৷ অনুষ্ঠানত এ এম চি এইছৰ অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই বিষয়টোৰ সম্পৰ্কে চমুকৈ আলোকপাত কৰি চমু বক্তব্য আগবঢ়ায়৷ এ এম চি এইছৰ অধীক্ষক উপ-অধীক্ষক ডাঃ প্ৰাঞ্জল কুমাৰ দত্তই আঁতধৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ উপস্থিত ৰোগীৰে মত বিনিময় অনুষ্ঠানত ডাঃ মন্দিতা বুঢ়াগোহাঁই, ডাঃ উমা শংকৰ কুটুম, ডাঃ দামোদৰ দাস, লুকিমা বৰুৱা আৰু মঞ্জুলা আগৰৱালে ৰোগীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে৷ ‘প্ৰতিশ্ৰুতি’ৰ সদস্যা অস্মিতা কলিতাই সমগ্ৰ অনুষ্ঠানৰ আঁতধৰা আৰু মৌছুমী গগৈয়ে শলাগ জ্ঞাপন কৰা অনুষ্ঠানত সম্পাদক পান্না ভৰালীসহ সদস্যবৃন্দ আৰু এ এম চি এইছৰ বহুকেইগৰাকী বিভাগীয় চিকিৎসককে ধৰি অৰ্ধশতাধিক লোক আৰু ৰোগীৰ পৰিয়ালবৰ্গ উপস্থিত থাকে৷