ডিব্ৰুগড়ত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি মহোৎসৱ উদযাপন
চাইন অন ডেস্ক,২১ছেপ্তেম্বৰ:

শাখাৰ সদস্য বিষ্ণু বৰা আৰু প্ৰসংগ কৰে সূৰ্যমনি বৰুৱাই। শাখাৰ গৰিষ্ঠ সংখ্যক বাপ- আই সকল উপস্থিত থকা এই আৱিৰ্ভাৱ মহোৎসৱৰ কাৰ্যসূচীত পুৱা ধৰ্মধ্বজা উত্তোলন কৰে প্ৰাথমিক শাখাৰ উপ-সভাপতি সূৰ্যমনি বৰুৱাই। অনুষ্ঠানত সাংস্কৃতিক কাৰ্যসূচীৰ লগতে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল। মুকলি সভাত প্ৰাথমিক শাখাৰ সভাপতি প্ৰভাত বৰাৰ সভাপতিত্বত অনুষ্ঠিত ধর্মালোচনী সভা অনুষ্ঠিত হয়। উদ্বোধন কৰে পুষ্পা বুঢ়াগোহাঁই। কোটোহা হায়াৰ চেকেণ্ডাৰী স্কুলৰ শিক্ষয়িত্রী তথা শঙ্কৰ-মাধৱৰ প্ৰাথমিক শাখা সঙ্গী বৰষা দত্তই সভাত নিদ্দিষ্ট বক্তা ৰপে উপস্থিত থাকি ভাষণ প্ৰসংগত তেওঁ গুৰুজনাৰ বিশুদ্ধ ধৰ্ম প্ৰৱৰ্তনৰ প্ৰধান লক্ষ্য এই কথা সভাত ডাঙি ধৰা লগতে যুৱ উশৃংখলতাৰ বতাহজাকৰ বিপৰীতে থাকি শৃংখলাবদ্ধ জীৱনশৈলী কটাবলৈ নৱপ্ৰজন্ম সকললৈ পৰামৰ্শ আগবঢ়ায়। সভাখনি আতঁধৰে শাখাৰ সম্পাদক দেৱজিৎ কোঁৱৰে।