...

কানৈ কমাৰ্চ কলেজত মিডিয়া ক্লাবৰ জুবিন স্মৰণ

কানৈ কমাৰ্চ কলেজত মিডিয়া ক্লাবৰ জুবিন স্মৰণ

সমবেত কণ্ঠত ‘মায়াবিনী’ গীত পৰিৱেশনেৰে আৰম্ভ

চাইন অন ডেস্ক,১৯ ছেপ্টেম্বৰ:

ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ মিডিয়া ক্লাব ‘স্পেকট্ৰাম’ৰ উদ্যোগত তথা মহাবিদ্যালয়ৰ ‘স্পিক মেকে হেৰিটেজ ক্লাব’ তথা অসমীয়া বিভাগৰ সহযোগত আজি অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সুঁৱৰি ‘জুবিন দিৱস’ পালন কৰা হয়। মহাবিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰেক্ষাগৃহত সমবেত কণ্ঠত ‘মায়াবিনী’ গীতটিৰ পৰিৱেশনেৰে আৰম্ভ হোৱা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি অধ্যক্ষ ড০ জয়দেৱ গগৈয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ জনতাৰ হৃদয়ত সদায় আছিল আৰু চিৰকাল থাকিব বুলি মন্তব্য প্ৰদান কৰে। মিডিয়া ক্লাবৰ ন’ভেল বিষয়া ড০ নৱজ্যোতি দত্তই ভাষণ প্ৰসংগত মহাপ্ৰতিভাধৰ জুবিনৰ আদৰ্শৰে নতুন প্ৰজন্মক আগ বাঢ়ি যোৱাৰ বাবে আহ্বান জনায়। স্পিক্ মেকে হেৰিটেজ ক্লাবৰ ন’ডেল বিষয়া নাজৰানা হকে জুবিন গাৰ্গৰ সংগীত -প্ৰতিভাৰ লগতে তেওঁৰ মানৱতাবাদ আৰু প্ৰকৃতিপ্ৰেমকে ধৰি সামগ্ৰিক ব্যক্তিত্বৰ অৱলোকন কৰে। কিংবদন্তি শিল্পীগৰাকীৰ জীৱনাদৰ্শ সন্দৰ্ভত আলোকপাত কৰি অনুষ্ঠানত মহাবিদ্যালয়ৰ মিডিয়া ক্লাবৰ উপদেষ্টাদ্বয় ড০ সত্যৰঞ্জন দলে আৰু কেশৱানন্দ হালৈয়েও চমু বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চয়তা কোষৰ সমন্বয়ক ড০ লুকু মৰাঙে জুবিন গাৰ্গৰ ব্যক্তিত্বৰ ব্যতিক্ৰমী দিশ সন্দৰ্ভত আলোকপাত কৰাৰ লগতে পৰিসংখ্যা বিভাগৰ মুৰব্বী ড০ মিণ্টু কুমাৰ দাসে জুবিন গাৰ্গৰ আদৰ্শৰ যথাৰ্থ ৰূপটো জীয়াই ৰখাৰ বাবে সমবেতসকলক আহ্বান জনায়। মহাবিদ্যালয়ৰ জ্যেষ্ঠ সহায়ক মৈত্ৰেয়ী বৰুৱা ভৌমিকে জুবিন গাৰ্গ বিষয়ক এটি স্বৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বঢ়ায়। জুবিন গাৰ্গ সন্দৰ্ভত অনুষ্ঠানত মহাবিদ্যালয়ৰ বিদ্যাৰ্থী জয়শ্ৰী বৰকাকতিয়ে ভাষণ প্ৰদান কৰে। মিডিয়া ক্লাবৰ বিদ্যাৰ্থী সচিব নাছিতা শ্বাহে অনুষ্ঠানত সংশ্লিষ্ট ক্লাবটোৰ পৰিচয়ৰ লগতে পৰৱৰ্তী কৰ্মসূচী সন্দৰ্ভতো আলোকপাত কৰে। অনুষ্ঠানত ছাত্ৰ সুজল পালৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপিকা আচুৰ্য বৰুৱা, কৰ্মচাৰী সুব্ৰত ৰয় আৰু প্ৰাক্তন বিদ্যাৰ্থী কস্তুৰী বৰ্মনেও জুবিন সংগীত পৰিৱেশন কৰি সমৱেত সকলক মন্ত্ৰমুগ্ধ কৰে। নিৰঞ্জন লিকচন, বিকি কুমাৰ শৰ্মা, অৰ্জুনৰাজ দাস আৰু সুভীৰ পালে ক্ৰমে বাঁহী, গীটাৰ , পিয়ানো আৰু ক্লেপবক্স বাদনেৰে সমৃদ্ধ জুবিন গাৰ্গৰ গীত আধাৰিত যন্ত্ৰ-সংগীতৰ কাৰ্যক্ৰমেও অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
অনুষ্ঠানত নাছিতা শ্বাহৰ পৰিকল্পনা আৰু পৰিচালনাৰে জুবিন অনুৰাগী তথা গৰিমা শইকীয়া গাৰ্গকেন্দ্ৰিক চৰিত্ৰৰ আধাৰত পৰিৱেশন কৰা নাট্যমুহূৰ্তকেইটাই সমবেত সুধীবৃন্দক আবেগিক কৰি তোলা পৰিলক্ষিত হয়। তদুপৰি, মিডিয়া ক্লাবৰ পৰিকল্পনাৰে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই পৰিৱেশন কৰা ভিডিঅ’টোৱেও উপস্থিতসকলৰ হৃদয় স্পৰ্শ কৰে। সমগ্ৰ কাৰ্যক্ৰমৰ আঁত ধৰাৰ লগতে শেষত শলাগৰ শৰাই জ্ঞাপন কৰে মিডিয়া ক্লাবৰ বিদ্যাৰ্থী-সচিব নাছিতা শ্বাহে। জুবিন দিৱসৰ উপলক্ষত পুৱা ডিব্ৰুগড়ৰ গান্ধীনগৰ এলেকাৰ লক্ষীনাথ গগৈ পথত গছপুলি ৰোপণৰ লগতে সন্ধিয়া মহাবিদ্যালয়ৰ চৌহদত জুবিন গাৰ্গৰ পৱিত্ৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *