...

দুৰ্গা পূজাত সকলো চাহ বাগিচাতে ২০ শতাংশ বোনাচৰ দাবী আটছাৰ

দুৰ্গা পূজাত সকলো চাহ বাগিচাতে ২০ শতাংশ বোনাচৰ দাবী আটছাৰ

চাইন অন ডেস্ক,১৭ ছেপ্টেম্বৰ:

আগন্তুক পবিত্ৰ দুৰ্গা পূজাৰ পূৰ্বে অসমৰ চাহ বাগিচাসমূহৰ শ্ৰমিকসকলৰ বোনাচৰ ইছ্যু লৈ এইবাৰ সৰৱ হৈ পৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা।সংগঠনটোৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মিয়ে এক বিবৃতিত স্পষ্ট কৰি দিয়ে যে ব্যক্তিগত খণ্ড আৰু বৃহৎ কোম্পানীৰ অধীনস্থ সকলো চাহ বাগিচাতে শ্ৰমিকসকলক বাধ্যতামূলকভাৱে ২০ শতাংশ বোনাচ প্ৰদান কৰিব লাগিব ।শ্ৰমিকৰ তেজ-ঘামেৰে জিলিকি থকা চাহ উদ্যোগটোৰ মালিকে লাভৰ অজুহাত দেখুৱাই কোনো কাৰণতে শ্ৰমিকৰ প্ৰাপ্য অধিকাৰ খৰ্ব কৰাটো আটছাই কেতিয়াও সহ্য নকৰে।শেহতীয়াভাৱে বাতৰিবকাকতত প্ৰকাশ পোৱা বাতৰি অনুসৰি হালমাৰী-দুলীয়াবাম চাহ বাগিচাকে ধৰি মেঘা, তিলৈজান, ডিকচাম, ঔফুলীয়া আৰু কৃষ্ণ বিহাৰীৰ দৰে কেইবাখনো আগশাৰীৰ বাগিচাত চৰকাৰী নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে ২০ শতাংশ বোনাচ চুক্তি স্বাক্ষৰিত হৈছে। হালমাৰী বাগিচাত এই চুক্তি আনুষ্ঠানিকভাৱে সম্পন্ন হোৱাৰ পিছত বাগিচা দুখনৰ শ্ৰমিক প্ৰতিনিধি আৰু পৰিচালনা সমিতিৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ সৃষ্টি হৈছে।আটছাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মিয়ে এই ব্যৱস্থাক আদৰণি জনোৱাৰ লগতে কয় যে যিবোৰ ব্যক্তিগত মালিকানাধীন বাগিচা বা ডাঙৰ চাহ কোম্পানীয়ে এতিয়াও বোনাচৰ হাৰ ঘোষণা কৰা নাই, তেওঁলোকে অতি শীঘ্ৰে এককালীন কিস্তিত সম্পূৰ্ণ ২০ শতাংশ বোনাচ মুকলি কৰিব লাগে। বাগিচা কৰ্তৃপক্ষই মনত ৰখা উচিত যে বোনাচ কোনো দয়া বা দান নহয়, ই শ্ৰমিকৰ ন্যায্য প্ৰাপ্য।বোনাচৰ দাবীত হোৱা সংঘাতৰ ভয়াৱহতাৰ কথা সোঁৱৰাই দি ছাত্ৰ নেতা লখিন্দৰ কুৰ্মিয়ে তিনিচুকীয়া জিলাৰ খোবাং চাহ বাগিচাত সংঘটিত ২০০৩ চনৰ ২৯ ছেপ্টেম্বৰৰ সেই ক’লা দিনটোৰ কথা উল্লেখ কৰে। সেই বৰ্ষত বোনাচ বৃদ্ধিৰ দাবীত খোবাং চাহ বাগিচাৰ শ্ৰমিকসকলে কৰা শান্তিপূৰ্ণ আন্দোলনৰ সময়ত পৰিচালন গোষ্ঠীৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে নিৰীহ শ্ৰমিকৰ ওপৰত জধে-মধে গুলিচালনা কৰিছিল। যাৰ ফলত কেইবাজনো শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল আৰু পৰিস্থিতি অত্যন্ত উত্তপ্ত হৈ পৰিছিল।আটছাৰ তৰফৰ পৰা সকীয়াই দিয়া হৈছে যে অতীতৰ তেনে যিকোনো দুৰ্ভাগ্যজনক পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে বাগিচা কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনে পূৰ্বৰে পৰা সজাগ হোৱা উচিত। শ্ৰমিকৰ ধৈৰ্য্যক দুৰ্বলতা বুলি ভাবি কোনো মালিকে যদি বোনাচৰ ক্ষেত্ৰত ল’ৰা-ধেমালি কৰে, তেন্তে তাৰ পৰিণতি অতি ভয়ংকৰ হ’ব আৰু ইয়াৰ বাবে বাগিচা কৰ্তৃপক্ষই নিজে জগৰীয়া হ’ব। আগন্তুক দুৰ্গা পূজাৰ উছাহ যাতে প্ৰতিটো শ্ৰমিক পৰিয়ালৰ মুখত প্ৰস্ফুটিত হয়, তাক নিশ্চিত কৰিবলৈ তেওঁ চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায় আটছাই।

Leave a Reply

Your email address will not be published. Required fields are marked *