...

এ এম চি এইচত ৰোগীৰ পৰিয়াললৈ বিনামূলীয়া নিৰামিষ খাদ্য

এ এম চি এইচত ৰোগীৰ পৰিয়াললৈ বিনামূলীয়া নিৰামিষ খাদ্য

সমাজ-দ্য ছ’চাইটিৰ মানৱীয় পদক্ষেপ

প্ৰায় ৭০০ পুৰুষ-মহিলা আৰু শিশুক খাদ্য বিতৰণ

চাইন অন ডেস্ক,১৪ ছেপ্টেম্বৰঃ

মানুহৰ কাষত মানুহ হিচাপে থিয় হৈ অসহায় ৰোগী আৰু তেওঁলোকৰ পৰিয়ালক কিছু সকাহ দিয়াৰ উদ্দেশ্যে সমাজ-দ্য ছ’চাইটিৰ উদ্যোগত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল (এ এম চি এইচ)ত চিকিৎসাধীন ৰোগীৰ পৰিয়ালৰ বাবে বিনামূলীয়াকৈ নিৰামিষ খাদ্য যোগান ধৰাৰ এক মানৱীয় সেৱামূলক কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। দূৰ-দূৰণিৰ পৰা চিকিৎসাৰ বাবে এ এম চি এইচলৈ অহা বহু ৰোগীৰ পৰিয়ালে চিকিৎসালয় চৌহদতে থাকি খাদ্যকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এনে আৰ্ত পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপৰ জৰিয়তে সপ্তাহত এদিন বিনামূলীয়াকৈ নিৰামিষ খাদ্য যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। কাৰ্যসূচীৰ শুভাৰম্ভণিৰ দিনটোতে প্ৰায় ৭০০ পুৰুষ-মহিলা আৰু শিশুক নিৰামিষ খাদ্য বিতৰণ কৰা হয়। এই সেৱামূলক কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে বিশিষ্ট সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহে। অনুষ্ঠানত ড০ শ্বাহে সমাজ-দ্য ছ’চাইটিৰ এই পদক্ষেপৰ শলাগ লৈ কয় যে সমাজৰ প্ৰতি দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰি জাতীয়তাবাদী নেতা তথা ছ’চাইটিৰ সভাপতি উদয়ন কুমাৰ গগৈ, দৈনিক অসমৰ সাংবাদিক তথা ছ’চাইটিৰ সম্পাদক তপন কুমাৰ শইকীয়া আৰু সমাজকৰ্মী তথা জনসম্পৰ্কৰক্ষী ব্যৱস্থাপক জীতেন শৰ্মাৰ নেতৃত্বত আৰ্ত ৰোগীৰ পৰিয়ালৰ মাজত বিনামূলীয়াকৈ খাদ্য বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো মানৱীয়তাৰ এক সুন্দৰ নিদৰ্শন। উল্লেখ্য যে, আৰ্তজনৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়োৱাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই সেৱামূলক প্ৰয়াস আগন্তুক দিনতো অব্যাহত ৰখাৰ পৰিকল্পনা কৰিছে সমাজ-দ্য ছ’চাইটিটোৱে। উল্লেখ যে, সমাজ-দ্য ছ’চাইটিৰ এই পদক্ষেপে চিকিৎসাৰ বাবে এ এম চি এইচলৈ অহা অসহায় পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ লগতে সমাজত সেৱা, সহমৰ্মিতা আৰু মানৱীয়তাৰ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *