...

ৰঙিয়াত হোটেলৰ কোঠাত প্ৰেমিকাক নৃশংসতাৰে হত্যা

ৰঙিয়াত হোটেলৰ কোঠাত প্ৰেমিকাক নৃশংসতাৰে হত্যা

প্ৰেমিকৰো আত্মহত্যাৰ চেষ্টা !

চাইন অন ডেস্ক, ১৩ছেপ্তেম্বৰ:

ৰঙিয়াত হোটেলৰ কোঠাত প্ৰেমিকাক নৃশংসতাৰে কৰা হত্যাকাণ্ডই ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।
প্ৰেমিকাকক হানি খুচি হত্যা কৰি প্ৰেমিকৰ আত্মহত্যাৰ চেষ্টা।ৰঙিয়া ষ্টেচনৰ অতিথি হোটেলত সংঘটিত হৈছে এই ঘটনা।
চেন্নাইৰ পৰা আহি নিশা হোটেল খনৰ ১১১নং ৰুমত মালানি গুড়িয়া নামৰ যুৱতী গৰাকীয়ে আন দুই বান্ধবীৰ সৈতে আশ্ৰয় লৈছিল।

১১০ নং কোঠাত ৰৌতাৰ পৰা আহি অভিজিত কিণ্ডু নামৰ যুৱকজনে লৈছিল কোঠাতো।

নিশা তিনি বান্ধবী একেলগে আছিল ১১১ নং কোঠাত ।

আৰু নিশা প্ৰেমিকৰ কোঠালৈ উঠি গৈছিল মালানি নামৰ যুৱতীগৰাকী।

নিশা প্ৰেমিক অভিজিত কিণ্ডুৱে কেচিৰে হানি খুচি হত্যা কৰি নিজেও আত্মহত্যাৰ চেষ্টা চলায়।

আৰক্ষীয়ে অভিযুক্তক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

ঘটনাকলৈ তীব্ৰ চাঞ্চল্য ৰঙিয়াত।

Leave a Reply

Your email address will not be published. Required fields are marked *