...

মেহেক আহমেদ হত্যাকাণ্ড প্ৰসংগ

মেহেক আহমেদ হত্যাকাণ্ড প্ৰসংগ

দোষীক গ্ৰেপ্তাৰ আৰু আৰক্ষীৰ গাফিলতিৰ বিৰুদ্ধে ডিব্ৰুগড়ত পিত-মাতৃৰ অন্নশন

চাইন অন ডেস্ক,১২ছেপ্তেম্বৰঃ

বহিঃৰাজ্যত হত্যাৰ বলি হোৱা অসমৰ জীয়ৰি মেহেক আহমেদ নাৰী সৰবৰাহৰ কৱলত পৰিছিল৷ ডিব্ৰুগড় পল্টনবজাৰৰ সঞ্জনা চাহু নামৰ যুৱতীগৰাকী চাকৰিৰ প্ৰলোভন দি দিল্লীলৈ নিছিল মেহেক আহমেদক৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কালি মেহেকৰ পিতৃ-মাতৃয়ে ডিব্ৰুগড় চৌকিডিঙ্গীত ১১ ঘন্টীয়া প্ৰতিবাদী অন্নশন কাৰ্যসূচী ৰূপায়ন কৰে৷ নাৰী মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় নগৰ সমিতিৰ সহযোগত কালি পুৱাৰ ভাগৰ পৰা মেহেকৰ পিতৃ ফিৰোজ আহমেদ আৰু মাতৃ জেচবিন আহমেদে পৰিয়ালৰ সদস্যসকলক লৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ ডিব্ৰুগড়ৰ চাউলখোৱাৰ নিবাসী মেহেকৰ মাতৃ জেচবিন আহমেদে অভিযোগ কৰামতে, মেহেকৰ হত্যাকাণ্ডৰ ন্যায় প্ৰদানত সহযোগিতা কৰা নাই ডিব্ৰুগড় আৰক্ষী৷ যোৱা ৩ জুলাইত ডিব্ৰুগড় পল্টন বজাৰ নিবাসী সঞ্জয় চাহু আৰু মেনা দেৱীৰ কন্যা সঞ্জনা চাহুৱে চাকৰি দিয়াৰ প্ৰলোভন দি মেহেক আহমেদক অতি কৌশলেৰে নয়দালৈ লৈ গৈছিল। এই সন্দৰ্ভত ৩ জুলাইত পৰিয়ালৰ ফালপৰা ডিব্ৰুগড়ৰ গাভৰু পথাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছিল। পিছত সঞ্জনা চাহুৰ ভগ্নী প্ৰিয়ংকা চাহু আৰু এজন সম্পৰ্কীয় ব্যক্তি নৰেন্দ্ৰ কুমাৰ চৰেনে মেহেক আহমেদৰ ঘৰলৈ ঘূৰাই আনি দিয়া কথা মাতৃক অৱগত কৰিছিল। কিন্তু ১০ আগষ্টত নয়দা আৰক্ষীয়ে টেলিফোন যোগে পৰিয়ালক মেহেক আহমেদৰ হত্যাকাণ্ডৰ খবৰ অৱগত কৰে। মেহেকৰ মাতৃৰ মতে, নয়দা আৰক্ষীয়ে প্ৰথমে মেহেকৰ মৃত্যুৰ খবৰ দিছিল গাভৰুপথাৰ আৰক্ষীক৷ কিন্তু গাভৰুপথাৰ আৰক্ষীয়ে খবৰ দিয়া নাছিল মেহেকৰ পৰিয়ালক৷ ইফালে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে অভিযোগ উত্থাপন কৰে যে সময়মতে আৰক্ষীয়ে যথোপযুক্ত ব্যৱস্থা লোৱা হ’লে আজি মেহেক আহমেদ জীয়াই থাকিলহেঁতেন, কিন্তু অত্যন্ত ৰহস্যজনকভাৱে হত্যাকাৰীৰ লগত জড়িত সঞ্জনা চাহু পলাই যাবলৈ সক্ষম হয়। সংগঠনটোৱে মুখ্যমন্ত্ৰীলৈ এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে৷ স্মাৰক পত্ৰখনত মেহেক হত্যাকাণ্ডত জড়িত সঞ্জনা চাহুক গ্ৰেপ্তাৰ কৰা, হত্যাকাৰীৰ লগত জড়িত ৰমন ৰাজক ফাঁচি দিয়াৰ ব্যৱস্থা কৰা, হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা, মেহেক আহমেদৰ হত্যাকাণ্ডৰ তদন্তত গাফিলতি কৰা আৰক্ষীক নিলম্বন কৰাৰ দাবী উত্থাপন কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *