...

ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত ড: ভূপেন হাজৰিকা জন্ম শত-বাৰ্ষিকী উদযাপন

ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত

ড: ভূপেন হাজৰিকা জন্ম শত-বাৰ্ষিকী উদযাপন

চাইন অন ডেস্ক,৯ছেপ্তেম্বৰ:

ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত কালি ভাৰত ৰত্ন ড: ভূপেন হাজৰিকা জন্ম শত-বাৰ্ষিকী বিশেষভাবে উদযাপন কৰা হয়।কাৰ্যালয়ৰ মুখ্য সহায়ক নুৰুল ইছলামে আঁত ধৰা অনুষ্ঠানত সদৰৰ স্বাস্থ্য বিষয়া ডা: স্মৃতি গোহাঁইয়ে ড: ভূপেন হাজৰিকাৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে চিকিৎসা বিষয়া ডা: ডিম্পী বৰঠাকুৰে পুস্পমাল্য অৰ্পণ কৰে।চিকিৎসা বিষয়াদ্বয়ে ভূপেন হাজৰিকাৰ জীৱনজোৰা সাধনাৰ বিষয়ে চুমুকৈ উপস্থিত কৰ্মচাৰীৰ আগত দাঙি ধৰি সকলোকে ভূপেনদাৰ আৰ্দশৰে অনুপ্ৰাণিত হবলৈ আহৱান জনায়।ইয়াৰ পূৰ্ৱে কাৰ্যালয়ৰ কৰ্মচাৰী নৱ সোণোৱাল,কনক বৰ্মন,কবিতা ফুকন,নিবেদিতা কলিতা,নিলাক্ষী গগৈ,দিব্য সোণোৱাল,অভিজিত দেৱনাথ,ক্ষিৰোদ বুঢ়াগোহাঁই,চেমিম,অজিত শৰণীয়া,বিজুমনি ভট্ট,প্ৰনতি বৰশইকীয়া,মনিশা কলিতা,মৈত্ৰেয়ী ফুকন,দেৱৰাজ দাস,বিষ্ণু চেত্ৰী,ৱাজুদ্দিন আহমেদ,
নিপু চেতিয়াৰ লগতে সমূহ কৰ্মচাৰীয়ে ভূপেন হাজৰিকাৰ প্ৰতিছবিত পুস্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিৱেদন কৰে।সমজুৱাৰ ভাষণত বিভাস দুৱৰাই ড: ভূপেন হাজৰিকাৰ কৰ্মৰাজিৰ বিষয়ে এক সুন্দৰ বিশ্লেষণ দাঙি ধৰি ভূপেন-জুবিনৰ আৰ্দশৰে অনুপ্ৰাণিত হৈ তেওঁবিলাকৰ স্বৃষ্টিশীল কৰ্মৰাজিক সদায়েই স্মৰণ কৰি আগুৱাই যাবলৈও পৰামৰ্শ প্ৰদান কৰে।সেই কৰ্মৰাজি বিলাক ভবিষ্যতৰ প্ৰজন্মই যাতে সুন্দৰভাবে অনুধাৱন কৰিব পাৰে তাৰ বাবেও যথাযথ ব্যৱস্থা কৰিবলৈ ভাষণত ব্যক্ত কৰে।সভাৰ শেষত সকলো কৰ্মচাৰীয়ে ভূপেনদাৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” সমস্বৰে পৰিৱেশন কৰি অনুষ্ঠানটি সামৰণি মাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *