...

ডিব্ৰুগড়ত ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান

ডিব্ৰুগড়ত ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান

চাইন অন ডেস্ক,৮ছেপ্তেম্বৰ:

মহান গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী তথা সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জিলা সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ প্ৰমুখ্যে জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিপু কুমাৰ ডেকা, পৌৰনিগমৰ আয়ুক্ত শিৱাণী জেৰংগল, বিশেষ অতিথি হিচাপে নিমন্ত্ৰিত – জ্যেষ্ঠ শিল্পী হীৰেণ গোঁহাই আৰু বিষ্ণু ৰাভা বঁটা প্ৰাপক ঝৰ্ণা শইকীয়াকে ধৰি বিশিষ্ট ব্যক্তিসকলে বন্তি প্ৰজ্বলন আৰু ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিত পুষ্পাঞ্জলী অৰ্পণ কৰে। ইয়াৰ লগতে শিল্পী সমাজৰ উদ্যোগত ১০০ গছি বন্তি প্ৰজ্বলন কৰি মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

অনুষ্ঠানত শিল্পীসকলে ড° ভূপেন হাজৰিকাৰ জীৱন, কৰ্ম আৰু অসমীয়া সমাজ-সংস্কৃতিলৈ আগবঢ়োৱা অনন্য অৱদানৰ ওপৰত বক্তব্য প্ৰদান কৰে। ইয়াৰ পাছতে হাছান ইকবাল আহমেদে কবিতা আবৃত্তি কৰি অনুষ্ঠানটো অধিক মনোমোহা কৰি তোলে।আনহাতে নৃত্যশিল্পী অভিকা গগৈয়ে নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটো অধিক মনোমোহা কৰি তোলে। কণ্ঠশিল্পী ভূৱন গগৈ আৰু সংগীতজ্ঞসকলৰ সহযোগত এটি গীত পৰিৱেশন কৰা হয়।

অনুষ্ঠানত লোকগায়ক ৰাম চাচনীয়ে ড° ভূপেন হাজৰিকাৰ জীৱন আৰু সৃষ্টিশীল কৰ্মৰাজিৰ ওপৰত বক্তব্য আগবঢ়াই মহান শিল্পীগৰাকীৰ বহুমুখী প্ৰতিভা আৰু অসমীয়া সংগীত-সংস্কৃতিলৈ তেওঁৰ অমূল্য অৱদানৰ বিষয়ে আলোকপাত কৰে। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়েও ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ এই ঐতিহাসিক ক্ষণত মহান শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি তেওঁৰ আদৰ্শ আৰু সৃষ্টিক নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই নিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য প্ৰদান কৰে।

অনুষ্ঠানৰ অন্তিম পৰ্যায়ত উপস্থিত সকলো বিশিষ্ট ব্যক্তি আৰু শিল্পীসকলে একেলগে ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘বিস্তীৰ্ণ পাৰৰে’ পৰিৱেশন কৰে। এই সমবেত সংগীত পৰিৱেশনৰ জৰিয়তে মহান গীতিকাৰগৰাকীৰ স্মৃতি সজীৱ কৰি অনুষ্ঠানৰ সফল সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *