...

লাহোৱালত ‘ঈশ্বৰ পানী তলত’ মনোজ্ঞ নাট মঞ্চস্থ

লাহোৱালত ‘ঈশ্বৰ পানী তলত’ মনোজ্ঞ নাট মঞ্চস্থ

প্ৰাকৃতিক পৰিৱেশত ‘উৎস অসম’ৰ উদ্যোগত

চাইন অন ডেস্ক,৭ছেপ্তেম্বৰ:

ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চল বকুল মাজ গাঁওত দেওবাৰে নিশা মুকলি আকাশৰ প্ৰাকৃতিক পৰিৱেশত ‘ উৎস অসম’ ৰ উদ্যোগত তথা প্ৰতিভাৱান নাট্যকৰ্মী ৰঞ্জিত সন্দিকৈ পৰিচালনা আৰু উদ্যমী যুৱ সাংস্কৃতিক কৰ্মী ৰাজশেখৰ হাজৰিকাৰ প্ৰযোজনাৰে ‘ঈশ্বৰ পানী তলত’ ৰ্শীৰ্ষক নাটখনি মঞ্চস্থ কৰা হয়।নাটখনিত পৃথিৱীয়ে সন্মুখীন হোৱা বাস্তৱ সমস্যাৰ ছবি, প্ৰকৃতি ধ্বংস উৎস, উচ্চমান বিশিষ্ট নাট্যশৈলী, অভিনয় শিল্পীসকলৰ নিভাঁজ অভিনয় কৌশল, সংগীত ব্যৱস্থাপনা আৰু নাটকীয় ৰঙীণ পৰিৱেশে আল্পুত কৰি তুলে নাট্যপ্ৰেমীসকলক।এই অনুষ্ঠানত অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ।নাট্য সন্ধিয়াত অসমৰ আগশাৰীৰ নাট পৰিচালক ড0 দিগন্ত দত্ত, জয়ন্ত দত্ত, সৰল দত্ত,সমাজকৰ্মী চেলিম আহমেদ, মটক স্বায়ত্ব শাসিত পৰিষদৰ সদস্য দীপজয় শইকীয়া, উৎস অসমৰ সঞ্চালক বিপুল ফুকন, অভিনেতা প্ৰদীপ্ত চক্ৰৱৰ্তীকে ধৰি বহু সাংস্কৃতিক কৰ্মী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।নাটখনিত উজনীৰ অসমৰ শিৱসাগৰ, ডিব্ৰুগড়,, তিনিচুকীয়া আৰু ধেমাজি জিলাৰ অভিজ্ঞ অভিনয় শিল্পী আৰু কলা – কুশলীসকলে অংশগ্ৰহণ কৰে। সাজসজ্জা নিৰ্দেশনা কৰে নৃত্য পৰিচালক প্ৰদীপ্তা হাজৰিকাই।সমগ্ৰ দলটোৰ নাটকীয় ঐক্যতা আৰু শক্তিয়ে নাটখনিক অন্য এক মাত্ৰা আৰু মাধুর্যতা প্ৰদান কৰে।লাহোৱালৰ বকুল মাজ গাঁওত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা এই নাটখনিয়ে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *