পুৱতি নিশা ধুবুৰী জিলাৰ হালাকুৰা আৰক্ষী পহৰা চকীৰ অন্তৰ্গত দীঘলটাৰী গাঁৱত হালাকুৰা আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰে। জানিব পৰা মতে, দীঘলটাৰী গাঁৱৰ ছানোৱাৰ আলীয়ে দীৰ্ঘদিন ধৰি নিজ বাসগৃহতে গো-হত্যা কৰি নিষিদ্ধ মাংসৰ ব্যৱসায় চলাই আহিছিল। আজি পুৱতি নিশা গোপন খবৰৰ ভিত্তিত হালাকুৰা আৰক্ষীয়ে অভিযান চলাই এই নিষিদ্ধ মাংস জব্দ কৰে। আৰক্ষী অহাৰ উমান পাই অভিযুক্ত গো-ব্যৱসায়ী ছানোৱাৰ আলী পলায়ন কৰে। স্থানীয় ৰাইজৰ মতে, ইয়াৰ পূৰ্বেও নিষিদ্ধ মাংসৰ ব্যৱসায়ৰ গোচৰত আৰক্ষীয়ে ছানোৱাৰ আলীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। উল্লেখ্য যে এই নিষিদ্ধ ব্যৱসায়ৰ জৰিয়তে ছানোৱাৰ আলীয়ে অবৈধভাৱে বৃহৎ ধন-সম্পত্তি গঢ়ি তোলাৰ অভিযোগ উত্থাপন হৈছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.