ডিব্ৰুগড় জিলাৰ সামগ্রিক উন্নয়নক অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত ‘দিশা’ৰ গুৰুত্বপূৰ্ণ বৈঠক
ডিব্ৰুগড় জিলাৰ ৬টা বিধানসভা সমষ্টিৰ ৪১টা বিভাগৰ আঁচনি আৰু প্ৰকল্পৰ অগ্ৰগতিৰ বিস্তৃত পর্যালোচনা
চাইন অন ডেস্ক,৬ছেপ্টেম্বৰ::

বৈঠকত জিলাখনৰ উন্নয়নৰ সৈতে জড়িত ৪১টা গুৰুত্বপূৰ্ণ বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি, চলি থকা প্ৰকল্প, কামৰ অগ্ৰগতি, ৰূপায়ণৰ ক্ষেত্ৰত থকা সমস্যাসমূহ আৰু ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বিস্তৃত আলোচনা কৰা হয়।ৰাইজৰ প্ৰয়োজনীয়তাক সৰ্বাধিক অগ্ৰাধিকাৰ দি চৰকাৰী আঁচনি আৰু উন্নয়নমূলক প্রকল্পসমূহৰ সুফল যাতে সময়মতে জনসাধাৰণে লাভ কৰে, সেই দিশত বিশেষ গুৰুত্ব আৰোপ কৰে সোণোৱালে। লগতে চলি থকা প্রকল্পসমূহৰ কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰা আৰু বিভিন্ন বিভাগৰ মাজত অধিক ফলপ্রসূ সমন্বয় গঢ়ি তোলাৰ ওপৰত তেখেতে গুৰুত্ব দিয়ে।

তেখেতে লগতে কয় যে উন্নয়নমূলক প্রকল্পসমূহৰ গুণগত মান বজাই ৰখাৰ লগতে সময়মতে ৰূপায়ণ নিশ্চিত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। বিভাগসমূহৰ মাজত সুসমন্বয়, নিয়মীয়া নিৰীক্ষণ আৰু দায়বদ্ধতাৰ জৰিয়তে উন্নয়নৰ কাম অধিক গতিশীল কৰি তুলিব পাৰি বুলি তেওঁ উল্লেখ কৰে
“সমন্বিত পৰিকল্পনা আৰু সময়োচিত ৰূপায়ণেই উন্নয়নৰ গতি ত্বৰান্বিত কৰিব”, তেওঁ উল্লেখ কৰে।উক্ত বৈঠকত জিলাখনৰ আন্তঃগাঁথনি, জনকল্যাণ, গ্রামোন্নয়ন, পথ- যোগাযোগ, শিক্ষা, স্বাস্থ্য, কৃষি, পানী যোগান, সামাজিক সুৰক্ষা আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰা হয়।
এই বৈঠকত অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যসভাৰ সাংসদ শ্ৰী তেৰছ গোৱালা, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক শ্রী প্রশান্ত ফুকন, খোৱাং সমষ্টিৰ বিধায়ক শ্ৰী চক্ৰধৰ গগৈ, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ শ্ৰী চৈকত পাত্ৰ, উপ-মেয়ৰ শ্ৰী উজ্জ্বল ফুকন, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী অসীম হাজৰিকা, জিলা আয়ুক্ত শ্ৰী বিক্ৰম কৈৰী প্ৰমুখ্যে বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
ডিব্ৰুগড়ৰ সৰ্বাংগীণ উন্নয়নক অধিক ত্বৰান্বিত কৰি প্ৰতিটো অঞ্চলৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ দিশত সংশ্লিষ্ট সকলো পক্ষই সমন্বিতভাৱে কাম কৰি যাব বুলি বৈঠকত সৰ্বানন্দ সোণোৱালে উল্লেখ
কৰে৷