...

পুৰণিগুদামত বৌদ্ধিক পৰম্পৰাৰে শিক্ষক দিৱসৰ কাৰ্যসূচী সম্পন্ন

পুৰণিগুদামত বৌদ্ধিক পৰম্পৰাৰে শিক্ষক দিৱসৰ কাৰ্যসূচী সম্পন্ন

প্ৰতি মাতৃ ঘৰত শিক্ষক আৰু শিক্ষক সকল বিদ্যালয়ত মাতৃ হ’ব লাগিব— হৃষীকেশ গোস্বামী

পুৰণিগুদাম,৫ছেপ্তেম্বৰ:

‘অসমৰ সংশ্লিষ্ট সকলোলৈকে আমাৰ আহ্বান শিক্ষক সকলৰ প্ৰতি আমি এক শ্ৰদ্ধাৰ মনোভাৱ গ্ৰহণ কৰি শিক্ষক সকলে যে বিদ্যালয়ত মাতৃৰ ভূমিকা পালন কৰি খনিকৰৰ দৰে ছাত্ৰছাত্ৰী সকলক মৃন্ময় মুৰ্তি ৰূপে গঢ়ি তুলে তেওঁলোকক সন্মান জনাব লাগে ৷’ এই মন্তব্য অসম শিশু সাহিত্য ন্যাস সমিতিৰ সচিব, বিশিষ্ট লেখক, সুবক্তা হৃষীকেশ গোস্বামীৰ ৷ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদাম
বাপুজী ভৱন আৰু পুথিভঁৰাল প্রাঙ্গণত আজি বিয়লি ২-৩০ বজাৰ পৰা পূৰ্বৰ পৰম্পৰা অনুসৰি ভাৰতবৰ্ষৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি, বিশ্ববিশ্রুত দার্শনিক পণ্ডিত ড° সর্ব্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন গৌৰৱপূৰ্ণ শিক্ষক দিৱসৰ এক বৌদ্ধিক কাৰ্যসূচীত উপস্থিত থাকি হৃষীকেশ গোস্বামীয়ে অসমৰ সংশ্লিষ্ট সকলোলৈকে আহ্বান জনাই নিজৰ ভাষণ প্ৰসঙ্গত কয় যে, ‘শিক্ষক সকলক এক
পৰিৱেশ কৰিব লাগে আৰু অদূৰ ভৱিষ্যতলৈ সম্ভাৱনাৰ আকৰ স্বৰূপ সফল নাগৰিক আৰু সফল ব্যক্তি হিচাপে যাতে ছাত্ৰছাত্ৰী সকলক গঢ়ি তুলিব পাৰে ৷’ জ্ঞান গৰ্ভ নানান উপমাৰে তেখেতে প্ৰদান কৰা ভাষণ প্ৰসঙ্গত তেখেতে আৰু কয়,প্ৰতি মাতৃ ঘৰত শিক্ষক আৰু শিক্ষক সকল বিদ্যালয়ত মাতৃ হ’ব লাগিব৷ সমাজৰ প্ৰকৃত পথ প্রদর্শক, মানৱ সম্পদৰ স্ৰষ্টা, আদিগুৰু পিতৃ-মাতৃৰ পিছতেই যথার্থ স্থানত পূজিত নমস্য শিক্ষাগুৰুসকলৰ পূণ্য অৱদানক শ্ৰদ্ধাসহকাৰে সোঁৱৰণ কৰা উদ্দেশ্য বিশ্ববিশ্রুত দার্শনিক পণ্ডিত গৰাকীৰ জীৱিতকালৰ পৰাই সৰ্বত্ৰত উদ্‌যাপিত শিক্ষক দিৱস’টি পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰালে বিগত ১৯৮৮ চনৰ পৰাই যথাযোগ্য মৰ্য্যদাৰে উদ্‌যাপন কৰি আহিছে ৷ বাপুজী ভৱন আৰু পুথিভঁৰালৰ সাধাৰণ সম্পাদক দ্বিপেন বৈৰাগীয়ে উদ্দেশ্য বাখ্যা কৰা,সম্পাদক কুল প্রদীপ দাসে আঁত ধৰা আৰু বাপুজী ভৱন আৰু পুথিভঁৰালৰ সভাপতি পুলিন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে প্ৰাক্তন মন্ত্ৰী তথা বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱা, ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক মোহিনী মোহন ডেকা, সাহিত্যক পেঞ্চনাৰ ফণীন্দ্ৰনাথ গায়ন উপস্থিত থাকে ৷ অনুষ্ঠানতে বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষটো বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ তিনিগৰাকী অৱসৰপ্ৰাপ্ত বিশিষ্ট শিক্ষক ক্ৰমে,দীপক বৰঠাকুৰ,প্ৰবীন্দ্র নাথ গায়ন আৰু উপমা শইকীয়াৰ লগতে বিভিন্ন ক্ষেত্রত সফলতা অর্জন কৰা অঞ্চলৰ কৃতী ছাত্র-ছাত্রীসকলক ন্যাস বঁটাৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷ ড° ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন আৰু মাল্যাৰ্পণেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত অৱসৰপ্ৰাপ্ত বিশিষ্ট শিক্ষাক দীপক বৰঠাকুৰক প্ৰয়াত যতীন্দ্র নাথ শৰ্মা সোঁৱৰণী ন্যাস পুঁজিৰ পৰা, প্ৰবীন্দ্র নাথ গায়নক প্ৰয়াত প্রশান্ত কুমাৰ গায়ন (পুলক) সোঁৱৰণী আৰু উপমা শইকীয়াক প্ৰয়াত হেমচন্দ্ৰ হাজৰিকা সোঁৱৰণী ন্যাস পুঁজিৰ পৰা ৰাজহুৱা সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ আনহাতে, বিভিন্ন ক্ষেত্রত সফলতা অর্জন কৰা অঞ্চলৰ কৃতী ছাত্র-ছাত্রীসকল ক্ৰমে, শংকৰদেৱ বিদ্যা নিকেতন, পুৰণিগুদামৰ ছাত্ৰী গায়ত্রী দাসক পুৰণিগুদাম পৰীক্ষা মণ্ডলৰ ভিতৰত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সর্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে অনন্ত বৰা সোঁৱৰণী ন্যাস বঁটা প্ৰদান কৰা হয় ৷ একেখন বিদ্যালয়ৰে ছাত্ৰী শিল্পা ভূঞা আৰু হিমাশ্রী দাসক পুৰণিগুদাম পৰীক্ষা মণ্ডলৰ ভিতৰত উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমীয়া বিষয়ত সর্বোচ্চ নম্বৰ লাভ কৰা বাবে সত্ৰাধিকাৰ লীলাকান্ত গোস্বামী সোঁৱৰণী বঁটা আৰু গায়ত্ৰী দাসক পুৰণিগুদাম পৰীক্ষা মণ্ডলৰ ভিতৰত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ইংৰাজী বিষয়ত সর্বোচ্চ নম্বৰ লাভ কৰা বাবে বীৰেন্দ্ৰ নাথ বৰুৱা সোঁৱৰণী ন্যাস বঁটা প্ৰদান কৰা হয় ৷ শঙ্কৰদেৱ বিদ্যা নিকেতন, পুৰণিগুদামৰ ছাত্ৰী ফার্জিয়া আখতাৰক পুৰণিগুদাম পৰীক্ষা কেন্দ্ৰৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সর্বোচ্চ নম্বৰ লাভ কৰা বাবে চেনাৰাম শইকীয়া সোঁৱৰণী ন্যাস বঁটা প্ৰদান কৰা হয় ৷ একেখন বিদ্যালয়ৰে নিষ্ঠাজিতা ভূঞা আৰু লক্ষ্য জ্যোতি দাসক পুৰণিগুদাম পৰীক্ষা কেন্দ্ৰৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ক্ৰমে দ্বিতীয় আৰু তৃতীয় সর্বোচ্চ নম্বৰ লাভ কৰা বাবে গোবিন্দ খাওণ্ড সোঁৱৰণী ন্যাস বঁটা প্ৰদান কৰা হয় ৷ আানহাতে, উক্ত বিদ্যালয়ৰে ফাৰ্জিয়া আখতাৰক পুৰণিগুদাম পৰীক্ষা কেন্দ্ৰৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰীৰ ভিতৰত সর্বোচ্চ নম্বৰ লাভ কৰা বাবে মাখনী দেৱী সোঁৱৰণী ন্যাস বঁটা প্ৰদান কৰা হয় ৷ শঙ্কৰদেৱ বিদ্যা নিকেতনৰে ছাত্ৰ কৰণ মজিন্দাৰক পুৰণিগুদাম পৰীক্ষা কেন্দ্ৰৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী বিষয়ত সর্বোচ্চ নম্বৰ লাভ কৰা বাবে সত্ৰাধিকাৰ চাৰু চন্দ্ৰ গোস্বামী সোঁৱৰণী ন্যাস বঁটা ; সাধাৰণ গণিত বিষয়ত সর্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে টঙ্কেশ্বৰ বৰা সোঁৱৰণী ন্যাস বঁটা আৰু নিষ্ঠাজিতা ভূঞাক সাধাৰণ বিজ্ঞান বিষয়ত সর্বোচ্চ নম্বৰ লাভ কৰা বাবে হৰিশ খাওণ্ড সোঁৱৰণী ন্যাস বঁটা প্ৰদান কৰা হয় ৷ লগতে নিষ্ঠাজিতা ভূঞাক সমাজ বিজ্ঞান বিষয়ত সর্বোচ্চ নম্বৰ লাভ কৰা বাবে মিঠাৰাম বৈৰাগী আৰু মাইকন বৈৰাগী সোঁৱৰণী ন্যাস বঁটা প্ৰদান কৰা হয় ৷ বঢ়মপুৰৰ শ্ৰীমন্ত শঙ্কৰ মিছন অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্রথম স্থানপ্রাপ্ত মৰিগাঁৱৰ ৰিল্পী বৰদলৈক তৃষ্ণা মধূকল্য সোঁৱৰণী ন্যাস বঁটা প্ৰদান কৰা হয় ৷ পুৰণিগুদাম সংগীত বিদ্যালয়ৰ পৰা সত্ৰীয়া নৃত্য শাখাত চলিত বৰ্ষত শ্রেষ্ঠতাৰে উত্তীৰ্ণ হোৱা মৃগাক্ষী ভট্টাচার্যক বসন্ত কুমাৰ হাজৰিকা সোঁৱৰণী ন্যাস বঁটা প্ৰদান কৰা হয় ৷ চৰম আৰ্থিক অনাটনৰ মাজতো উচ্চতৰ মাধ্যমিক শাখাত আশানুৰূপ সাফল্য কঢ়িয়াই উত্তীর্ণ হোৱা চলচলি ৰঙীয়া গাঁৱৰ দেৱাশীষ শইকীয়া, চাপানালাৰ আকাংক্ষ্যা দি চিৰা আৰু চলচলি মুছলমানগাঁৱৰ সোণমাই বেগমৰ লগতে উচ্চ মাধ্যমিক শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ন-আলি মূৰৰ নাচিমা বেগম,গায়ন বৈৰাগী গাঁৱৰ প্রিয়াঙ্কী ভূঞাক যতীন বৰদলৈয়ে প্ৰদান কৰা দানেৰে গঠিত প্রয়াত শশী নাথ বৰদলৈ সোঁৱৰণী ন্যাস বঁটা আৰু চলচলিৰ চালমা বেগমক কাষৰিগাঁও মজলীয়া বিদ্যালয়ৰ শৈক্ষিক ন্যাস পুঁজিৰ ধনেৰে বঁটা প্ৰদান কৰা হয় ৷ উল্লেখ্য যে, অসম চৰকাৰে যোৱা ২০২০-২১ বৰ্ষৰ পৰা উচ্চ প্ৰাথমিক আৰু নিম্ন-প্রাথমিকৰ মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা অনুষ্ঠিত নকৰাৰ বাবে নিৰ্ধাৰিত শিতানত নিৰঞ্জণ শৰ্মা আৰু নৰেন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী ন্যাস বঁটা সমূহ প্ৰদান কৰিব পৰা নাই বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ৷ আজিৰ সভাত কৃষ্ণ গোস্বামী, দুৰ্লভ শৰ্মা, পূৰ্ণানন্দ ভূঞা,মিন্টু শৰ্মা,প্ৰফুল্ল গোস্বামী, প্ৰফুল্ল শইকীয়া,প্ৰফুল্ল কলিতা,হুমেশ্বৰ শইকীয়া, প্ৰঞ্জল কটকী, অতনু খাওন্দ,যতীন বৈৰাগী,তিলক গায়ন,দ্বিজেন্দ্ৰ মোহন শইকীয়া, কবিতা বৰা,কবিতা বৰা কলিতা আদিকে ধৰি বিশিষ্ট ব্যক্তি সকলৰ লগতে প্ৰায় তিনি শতাধিক লোক উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *