পৰ্যটকক সহায় কৰি থকাৰ সময়তে তিনিটাকৈ গুলীয়ে শৰীৰ ভেদি গৈছিল
আদিলৰ ডিঙিত,কান্ধত আৰু বুকুত গুলী লগা পাছত মৃত্যু হৈছিল
চাইন অন ডেক্সঃ
কাশ্মীৰৰ অনন্তনাগৰস্থিত আদিল হুছেইন শ্বাহৰ বাসগৃহত সমবেদনা জ্ঞাপনৰ উদ্দেশ্যে ভিৰ কৰিছে বহু লোকে। কোনোৱে শোকত ভাগি পৰাসকলক সান্ত্বনা দিবলৈ চেষ্টা কৰিছে, আন একাংশই মৌন হৈ সমগ্ৰ পৰিৱেশৰ সাক্ষী হৈছে। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে অহা শ শ লোকৰ ভিতৰত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা।
দৰাচলতে মঙলবাৰে পেহেলগামত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ হেৰুৱাইছিল কাশ্মীৰী যুৱক আদিলে। ২৭ বছৰীয়া শ্ৰমিক আদিলে পেহেলগামত পৰ্যটকৰ বাবে পনি ৰাইড পৰিচালনা কৰাত সহায় কৰি জীৱিকা নিৰ্বাহ কৰিছিল।
মঙলবাৰে পেহেলগামত গুলীবিদ্ধ হোৱা পিছতো আদিলে গুলীচালনাত আহতসকলক সহায় কৰি আছিল। স্থানীয় এজন প্ৰত্যক্ষদৰ্শীয়ে কয় যে, তেওঁ এজন আহত লোকক নিৰাপদ স্থানলৈ লৈ যাবলৈ চেষ্টা কৰিছিল। তেওঁ সহায় বিচাৰি চিঞৰি আছিল, আঘাত পোৱাৰ পিছতো তেওঁ ৰৈ নাথাকিল।
একাধিক প্ৰত্যক্ষদৰ্শীৰ মতে, তেওঁ আনক সহায় কৰি থকাৰ সময়তে তিনিটাকৈ গুলীয়ে আদিলৰ শৰীৰ ভেদিছিল। ডিঙিত,কান্ধত আৰু বুকুত গুলী লগা পাছত মৃত্যু হৈছিল স্থানীয় যুৱক আদিল হুছেইনৰ। এই ঘটনাৰ পাছতে আদিলৰ পৰিয়ালটোৰ ওপৰত যেন আকাশখন খহি পৰিছে।
তেওঁৰ এগৰাকী সম্বন্ধীয় এই সন্দৰ্ভত কান্দি কান্দি কয়, এই মৃত্যু আদিল বা অন্য জনসাধাৰণৰ নহয়, এয়া কাশ্মীৰীয়তৰ মৃত্যু। পেহেলগামত মৃত্যু হোৱা প্ৰতিগৰাকী ব্যক্তিৰ বাবে আমি দুখ প্ৰকাশ কৰিছো। কিন্তু কোনো ভাৰতীয় চেনেল বা কোনো আন্তঃৰাষ্ট্ৰীয় চেনেলে আদিলৰ নাম লোৱা নাছিল। এই কথাত আমি মৰ্মাহত।
উল্লেখ্য যে, ৬জন ভাই-ভনীৰ ভিতৰত তেওঁ আছিল ডাঙৰ,তিনিগৰাকী ভগ্নী আৰু দুজন সৰু ভাতৃৰে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল আদিল। মৃত্যুৰ সময়ত তেওঁ এৰি গ’ল বৃদ্ধ পিতৃ-মাতৃৰ লগতে তেওঁৰ পত্নীক।