...

ডিব্ৰুগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট

ডিব্ৰুগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট

বান-গৰাখনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা
মূল্যবৃদ্ধি ৰোধ আৰু আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানৰ দাবী

চাইন অন ডেস্ক,৩ছেপ্টেম্বৰ:

ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ দাবীত ডিব্ৰুগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ণ কৰিলে প্ৰতিবাদী অৱস্থান ধৰ্মঘট। ডিব্ৰুগড় জিলা কমিটীৰ উদ্যোগত ঐতিহাসিক চৌকিডিঙ্গী চাৰিআলিত অনুষ্ঠিত দুঘণ্টীয়া এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ বহু সংখ্যক সদস্য-সমৰ্থকে অংশগ্ৰহণ কৰে।
প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ লগতে অসমৰ বান-গৰাখনীয়া সমস্যা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু ৰাজ্যৰ আন্তঃৰাজ্যিক সীমা বিবাদৰ স্থায়ী সমাধানৰ দাবী উত্থাপন কৰে।
সংগঠনটোৰ মুখ্য দাবীসমূহৰ ভিতৰত অসমৰ বান আৰু গৰাখনীয়া সমস্যাক শীঘ্ৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, নিত্যপ্ৰয়োজনীয় সামগ্ৰী আৰু ইন্ধনৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি সাধাৰণ ৰাইজক সকাহ দিয়া আৰু অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম তথা মেঘালয়ৰ সৈতে চলি থকা অসমৰ আন্তঃৰাজ্যিক সীমা বিবাদ শীঘ্ৰে সমাধান কৰাৰ দাবী উল্লেখযোগ্য।
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৃন্দই অভিযোগ কৰে যে অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধনৰ ক্ৰমাগত মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহৰ জীৱন-যাত্ৰাত ব্যাপক প্ৰভাৱ পেলাইছে। বিশেষকৈ পৰিয়ালৰ দৈনন্দিন ব্যয় বৃদ্ধি পোৱাত নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকল অধিক সমস্যাৰ সন্মুখীন হোৱা বুলি তেওঁলোকে মন্তব্য কৰে।
ইয়াৰ উপৰি আন্তঃৰাজ্যিক সীমান্ত অঞ্চলত সংঘটিত বিভিন্ন অপৰাধমূলক ঘটনা আৰু হিংসাত্মক পৰিস্থিতি ৰোধ কৰি অসমৰ সীমা সমস্যা স্থায়ীভাৱে সমাধান কৰাৰ ক্ষেত্ৰতো চৰকাৰ অধিক সক্ৰিয় হ’ব লাগে বুলি সংগঠনটোৱে দাবী জনায়।
প্ৰতিবাদকাৰীসকলে কয় যে অসমৰ বান-গৰাখনীয়া সমস্যা কেৱল প্ৰতি বছৰে ক্ষতিপূৰণ দিয়েই সমাধান কৰিব পৰা নাযায়; ইয়াৰ বাবে দীৰ্ঘম্যাদী আৰু বৈজ্ঞানিক পৰিকল্পনাৰে স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
শেষত সংগঠনটোৱে চৰকাৰক উত্থাপিত দাবীসমূহৰ প্ৰতি শীঘ্ৰে গুৰুত্ব আৰোপ কৰি কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। অন্যথা পৰৱৰ্তী সময়ত অধিক ব্যাপক আৰু ধাৰাবাহিক গণআন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *