ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ ২৫ সংখ্যক নৱাগত আদৰণি সভা
‘ছাত্ৰ-ছাত্রীয়ে কোনো ক্ষেত্ৰত হীনমন্যতাত ভুগি সময় অপব্যয় কৰিব নালাগে’ – আয়ুক্ত অপূৰ্ব কুমাৰ নাথ
ঢকুৱাখনা,৩ছেপ্টেম্বৰ:
‘আজিৰ প্ৰতিযোগিতাৰ ডিজিটেল ক্ষেত্ৰত খনত আগবাঢ়ি যাবলৈ হ’লে অধ্যয়নৰ উপৰিও আনুসংগিক বিষয়ত জ্ঞান অৰ্জন কৰিব লাগিব ।ছাত্ৰ-ছাত্রী সকলে কোনো ক্ষেত্ৰত হীনমন্যতাত ভূগি সময় অপব্যয় কৰিব নালাগে।’- মন্তব্য কৰে ঢকুৱাখনা সম জিলাৰ আয়ুক্ত অপূৰ্ব কুমাৰ নাথৰ।ঢকুৱাখনা সম-জিলাৰ গোবিন্দপুৰস্থিত হাৰ্হি মহাবিদ্যালয়ত বুধবাৰে অনুষ্ঠিত হোৱা ২৫ সংখ্যক নৱাগত আদৰণি সভাৰ মুকলি সভা উদ্ধোধন কৰি দিয়া ভাষণত এই মন্তব্য কৰে সম- জিলাৰ আয়ুক্ত অপূৰ্ব কুমাৰ নাথে।মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ছাত্র একতা সভাৰ সভাপতি ড° মানসজ্যোতি নেওগৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অসম অসামৰিক সেৱাৰ প্ৰশাসনীয় বিষয়াগৰাকীয়ে শিক্ষাৰ্থীসকলক শিক্ষা জীৱনৰ অমূল্য সময়খিনি সদ্ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় তেওঁ লগতে কয় যে,ছাত্ৰ জীৱনৰ এইখিনি সময়েই অমূল্য,জীৱনৰ এই অমূল্য সময়খিনি সদ্ ব্যৱহাৰ কৰিব পাৰিলেই ভৱিষ্যত উজ্জ্বল হৈ পৰে। যাৰ দ্বাৰা নিজৰ জীৱন- জীৱিকা-সমাজ সকলো ক্ষেত্ৰতে প্ৰতিষ্ঠা লাভ কৰিব পৰে। মহাবিদ্যায়লয়ৰ সংগীতেৰে আৰম্ভ হোৱা নবাগত আদৰণি সভাত উদ্দেশ্য ব্যাখা কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক সমুদ্ৰ কোঁচে।মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষন প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সীমান্ত নেওগে।মহাবিদ্যালয়ৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ নৃত্য-
গীতৰে জীপাল হৈ পৰা মুকলি সভাত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দিয়া ভাষণ প্ৰসংগত আছুৰ নেতাগৰাকীয়ে প্ৰতিযোগিতাৰ পৃথিৱীখনত নিজকে উপযুক্তভাৱে প্ৰতিষ্ঠা কৰি যাতে আগবাঢ়িব পাৰে তাৰ বাবে আমাৰ উঠি অহা প্ৰজন্মক সুৰক্ষিত ভৱিষ্যতৰ সঠিক বাটেৰে আগবঢ়াই নিব লাগিব বুলি উল্লেখ কৰি তেওঁ আৰু লগতে কয় -‘নিজৰ জাতিটোৰ প্ৰতি, নিজৰ ভাষাটোৰ প্ৰতি, নিজৰ সমাজখনৰ প্ৰতি, নিজৰ গাঁওখনৰ প্ৰতি আৰু নিজৰ সত্তাটোৰ প্ৰতি তেওঁলোক দায়বদ্ধ হ’ব লাগিব।’ নৱাগতসকলক পিতৃ-মাতৃ, মহাবিদ্যালয় তথা সমাজৰ প্ৰতি দায়বদ্ধ হৈ প্ৰকৃত মানুহ হোৱাৰ দিশে আগবাঢ়ি যাবলৈ পৰামৰ্শ জনাই তেওঁ হাৰ্হি মহাবিদ্যালয়ৰ অগ্ৰগামী যাত্ৰাত নৱাগতসকল অংশীদাৰ হৈ মহাবিদ্যালয়খনক উচ্চ শিক্ষা অন্যতম প্ৰাণকেন্দ্ৰৰূপে প্ৰতিষ্ঠা কৰাত সহযোগী হ’বলৈ আহ্বান জনায়। মহাবিদ্যায়ৰ সহকাৰী অধ্যাপক ৰাজেশ চেতিয়াই আঁতধৰা নৱাগত আদৰণি সভাৰ মুকলি সভাতেই হাৰ্হি মহাবিদ্যালয়ৰ বছেৰেকীয়া প্ৰকাশ ‘হাৰ্হিয়ান’ উন্মোচন কৰে নৰ্থ বেংক মহাবিদ্যালয়ৰ অধ্যক্ষ তথা লেখিকা ড° গীতাঞ্জলি বৰুৱাই।সহকাৰী অধ্যাপক জিতু কুমাৰ চমুৱাৰ তত্বাবধানত আৰু কৃচাণু কৌশিক বৰুৱাৰ সম্পাদনাত প্ৰকাশিত আলোচনীখন উন্মোচন কৰি দিয়া ভাষণত অধ্যক্ষ ড° বৰুৱাই কয় – মহাবিদ্যালয়ৰ আলোচনী হ’ল ছাত্ৰ-ছাত্ৰীসকলৰ সাহিত্যিক, বৌদ্ধিক আৰু সৃজনশীল প্ৰতিভা বিকাশৰ এক প্ৰধান মাধ্যম।ছাত্ৰ-ছাত্ৰীৰ মনৰ ভাব, কল্পনা শক্তি আৰু লিখনশৈলী প্ৰকাশ কৰাৰ উপযুক্ত ঠাই।এইধৰণৰ একো একোখন আলোচনীৰ পৰাই নতুন প্ৰজন্মৰ একো একোজন সম্ভাৱনাপূৰ্ণ লেখকৰ জন্ম হয় আৰু অনাগত সময়ত ভাষা সাহিত্যক আগুৱাই নিয়াত তেওঁলোকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰি নিজৰ ছাত্ৰ ছাত্ৰীসকলক ভাষা,নিজৰ জাতিটোৰ প্ৰতি শ্ৰদ্ধাশীল হৈ এখন সুন্দৰ সুস্থ সবল সমাজ গঠনত আগভাগ ল’বলৈ আহ্বান জনায়।নৱাগত আদৰণি সভাৰ লগতে অনুষ্ঠিত হোৱা হাৰ্হি মহাবিদ্যালয়ৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে মুকলি সভাত বিশিষ্ট অতিথিৰূপে ভাষন প্ৰদান কৰে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সম্পাদক পৃথু বৰাই।এই সভাতে শিক্ষকগোটৰ হৈ সহকাৰী অধ্যাপক ধ্ৰুৱ জ্যোতি দত্তই নৱাগতসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তৃতা প্ৰদান কৰে।ইয়াৰ পূর্বে পুৱা মহাবিদ্যালয়ৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক আকৰ্ষণীয় অন্তৰংগ আলাপ অনুষ্ঠিত হয়।অনুষ্ঠানটো ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলে নৃত্য গীতৰে মুখৰিত কৰি তোলে। অনুষ্ঠানত প্ৰতিভাৰ আকৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ নিজ নিজ প্ৰতিভা প্ৰদৰ্শন কৰে।বিয়লিলৈ আয়োজিত সাংস্কৃতিক অনুস্থানত ছাত্র -ছাত্রীৰ লগতে কণ্ঠশিল্পী গৌতম কোঁৱৰে গীত পৰিৱেশন কৰি ছাত্ৰ-ছাত্ৰী,শিক্ষক-কৰ্মচাৰী তথা দৰ্শকক আপ্লুত কৰি তোলে।