আয়ুষ্মান ভাৰত ডিজিটেল মিশ্যনৰ সফল ৰূপায়ণ ডিব্ৰুগড় জিলাত
৯.৯০ লাখতকৈ অধিক আভা আইডি সৃষ্টি
চাইন অন ডেস্ক,১ছেপ্টেম্বৰ:
ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ "ডিজিটেল ইণ্ডিয়া"ৰ দূৰদৰ্শী পৰিকল্পনাক স্বাস্থ্য খণ্ডত বাস্তৱায়িত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা আয়ুষ্মান ভাৰত ডিজিটেল মিশ্যনৰ সফল ৰূপায়ণ হৈছে ডিব্ৰুগড় জিলাত।নাগৰিক কেন্দ্ৰিক, আন্তঃসংযুক্ত আৰু কাগজবিহীন স্বাস্থ্য সেৱাৰ এক সুদৃঢ় প্ৰণালী গঢ়ি তোলাৰ যি মূল ধাৰণাৰ জৰিয়তে প্ৰৱৰ্তন কৰা হৈছে, তাক বাস্তৱত ৰূপায়ণ কৰিবলৈ ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সুসংহত আৰু নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। ডিব্ৰুগড় জিলাত সফল ৰূপায়ণৰ বাবে জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। প্ৰতিগৰাকী নাগৰিকৰ বাবে প্ৰদান কৰা ১৪ সংখ্যাৰ এক অনন্য ডিজিটেল স্বাস্থ্য পৰিচয় আভা আই ডি ৰ জৰিয়তে এগৰাকী নাগৰিকৰ সকলো স্বাস্থ্য ৰেকৰ্ড ডিজিটেল পদ্ধতিত সুৰক্ষিতভাৱে সংৰক্ষণ কৰি ৰাখিব পাৰি । তদুপৰি ৰোগীৰ দ্বাৰা নিজৰ সন্মতি সাপেক্ষে এই ৰেকৰ্ড যিকোনো চিকিৎসকৰ সৈতে অংশীদাৰ কৰিব পৰা যায় আৰু বাৰে বাৰে কাগজৰ প্ৰেছক্ৰিপচন, পৰীক্ষাৰ প্ৰতিবেদন কঢ়িয়াই ফুৰাৰ প্ৰয়োজনীয়তা নোহোৱা হয় যাৰ ফলত চিকিৎসাৰ ধাৰাবাহিকতা বজাই ৰখা আৰু সঠিক চিকিৎসা লাভ কৰাত সহায়ক হয় ।চলিত বৰ্ষৰ ৩১ জুলাইলৈকে ডিব্ৰুগড় জিলাত ৯,৯০,৬২১ টা ABHA ID সফলতাৰে সৃষ্টি কৰা হৈছে যাৰ ভিতৰত ২,৬১,০৯১ টা ABHA ID ইলেক্ট্ৰনিক স্বাস্থ্য ৰেকৰ্ড (EHR) ৰ সৈতে সংযুক্ত কৰা হৈছে বুলি জানিবলৈ দিয়ে বিভাগে । উল্লেখযোগ্য যে, আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনৰ ABHA ID এক নৱীন ধাৰণা হোৱা হেতুকে, ইয়াৰ সুবিধাসমূহৰবিষয়ে জনসাধাৰণক অৱগত কৰাটো অতি প্ৰয়োজনীয় বুলি বিবেচনা কৰি ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা ব্যাপক সজাগতা অভিযান ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ অংশ হিচাপে জিলাখনৰ চাহ বাগিচা, গ্ৰাম্য অঞ্চল আৰু চহৰ অঞ্চলসমূহত ABDM আৰু ABHA IDৰ লাভালাভ সম্পৰ্কে মাইক যোগে প্ৰচাৰ কৰাৰ লগতে, জনসজাগতা বাবে ভিডিঅ' প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ লগতে জিলাৰ সকলো চৰকাৰী চিকিৎসালয়, আয়ুষ্মান আৰোগ্য মন্দিৰ (AAM) সমূহত ABHA ID আৰু Scan and Share সেৱা সম্পৰ্কীয় বেনাৰ, ষ্টেণ্ডী প্ৰদৰ্শন, ৰাইজৰ মাজত লিফলেট বিতৰণ কৰা হৈছে। Facebook,X আদি বিভাগৰ সামাজিক মাধ্যমৰ উপৰিও সমষ্টিগত সজাগতা সভাৰ আয়োজন কৰি ABHA ID ৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে। সজাগতাৰ সমান্তৰালকৈ ABHA ID সৃষ্টিৰ হাৰ বৃদ্ধিৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে জিলা খনত। ডিব্ৰুগড় জিলাৰ বিভিন্ন চৰকাৰী কাৰ্যালয়, বিদ্যালয় - মহাবিদ্যালয়- বিশ্ববিদ্যালয়ত বিশেষ ABHA ID সৃষ্টিৰ বাবে শিবিৰ পতা হৈছে। জিলাৰ চৰকাৰী চিকিৎসালয় আৰু আয়ুষ্মান আৰোগ্য মন্দিৰ সমূহত আভা আইডি সৃষ্টিৰ বাবে স্থায়ী কাউণ্টাৰৰ ব্যৱস্থা কৰাৰ লগতে জিলাত অনুষ্ঠিত সকলো স্বাস্থ্য মেলা আৰু চৰকাৰী অনুষ্ঠানত আভা আই ডি সৃষ্টিৰ বাবে পৃথক কাউণ্টাৰৰ ব্যৱস্থা কৰা হৈছে। ASHA,ANM,MPW ইত্যাদি কৰ্মীসকল দ্বাৰা গৃহ পৰিদৰ্শনৰ সময়ত ঘৰে ঘৰে গৈ ABHA ID সৃষ্টি ৰ কাম ত্বৰান্বিত কৰা হৈছে। ম'বাইল মেডিকেল ইউনিট, ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ ভ্ৰাম্যমান স্বাস্থ্য গোট সমূহকো আভা আই ডি সৃষ্টিৰ বাবে নিয়োজিত কৰা হৈছে । একেদৰে, ABDM ৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ডিব্ৰুগড় জিলাত স্বাস্থ্য প্ৰতিষ্ঠান পঞ্জীয়ন (HFR ) আৰু স্বাস্থ্য কৰ্মী পঞ্জীয়ন (HPR)ৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এতিয়ালৈকে ১,০২৯ খন স্বাস্থ্য প্ৰতিষ্ঠানক HFR ৰ আওতাত নথিভুক্ত কৰা হৈছে। ইফালে, জিলাৰ চৰকাৰী চিকিৎসক আৰু নাৰ্ছসকলৰ HPR প্ৰক্ৰিয়াও সম্পূৰ্ণ কৰা হৈছে আৰু এতিয়ালৈকে ১,৩২৩ গৰাকী স্বাস্থ্য কৰ্মীৰ পঞ্জীয়ন সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ জৰিয়তে জিলাৰ সকলো চৰকাৰী চিকিৎসালয় আৰু স্বাস্থ্য কৰ্মীক এটা একক ডিজিটেল পৰিসৰৰ অন্তৰ্ভুক্ত কৰা হৈছে। যাৰ ফলত ৰোগীয়ে যিকোনো চৰকাৰী চিকিৎসালয়ত উপস্থিত হ'লে তেওঁৰ ABHA ID ৰ জৰিয়তে পূৰ্বৰ চিকিৎসাৰ ইতিহাস সহজে উপলব্ধ হোৱাৰ পথ প্ৰশস্ত কৰা হৈছে। ABDM ৰ অধীনত অন্যতম গুৰুত্বপূৰ্ণ Scan and Share সেৱাৰো পাইলট ৰূপায়ণ ডিব্ৰুগড় জিলাৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰম্ভ কৰা হৈছে। এই সেৱাই ৰোগীসকলক OPD ৰ বাবে পঞ্জীয়নৰ দীঘলীয়া শাৰী পৰিহাৰ কৰি নিজৰ ম'বাইল ফোনেৰে হাস্পতালত উপলব্ধ QR ক'ড Scan কৰি আগতীয়াকৈ পঞ্জীয়ন সম্পূৰ্ণ কৰাত সমৰ্থ কৰে । যিয়ে ৰোগীৰ সময় ৰাহি কৰাৰ লগতে হাস্পতালৰ পঞ্জীয়ন কক্ষত ভিৰ হ্ৰাস কৰাত সহায়ক হৈ ৰোগী আৰু সেৱা প্ৰদানকাৰীক এক সুখদ অভিজ্ঞতা প্ৰদান কৰে । অসম চিকিৎসা মহাবিদ্যালয়ত এই সেৱাৰ পাইলট পৰ্যায়ৰ
সফল ৰূপায়ণৰ পাছত পৰ্যায়ক্ৰমে জিলাৰ আন চৰকাৰী চিকিৎসালয়সমূহতো এই সেৱা সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। এইদৰে, সজাগতা, সেৱা প্ৰদান , ক্ষেত্ৰ পৰিদৰ্শন, পৰ্যালোচনা আৰু ডিজিটেল সংযোগৰ সমন্বয়ৰ জৰিয়তে ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ বহুমুখী, সুসংহত আৰু আন্তৰিক প্ৰচেষ্টাৰ ফলত জিলাখনত আয়ুষ্মান ভাৰত ডিজিটেল মিশ্যনৰ মূল উপাদানসমূহৰ সফল ৰূপায়ণ সম্ভৱ হৈছে। কেৱল প্ৰযুক্তিগত ৰূপায়ণতে সীমাবদ্ধ নাথাকি, জনসাধাৰণৰ মাজত ডিজিটেল স্বাস্থ্য সাক্ষৰতা বৃদ্ধি কৰাৰ পৰা আৰম্ভ কৰি স্বাস্থ্য প্ৰতিষ্ঠান আৰু মানৱ সম্পদক একক ডিজিটেল মঞ্চৰ আওতালৈ অনা আৰু নাগৰিক সেৱাৰ সহজীকৰণৰ প্ৰতিটো দিশতে বিভাগটোৰ দূৰদৰ্শী চিন্তা আৰু দায়বদ্ধতা পৰিলক্ষিত হৈছে। ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ এই ধাৰাবাহিক আৰু নিৰলস প্ৰচেষ্টাই অদূৰ ভৱিষ্যতে ডিজিটেল স্বাস্থ্য পৰিস্থিতি তন্ত্ৰৰ ৰূপায়ণত ডিব্ৰুগড় জিলাক ৰাজ্যৰ ভিতৰতে এখন আদৰ্শ ডিজিটেল স্বাস্থ্য জিলা হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত আগুৱাই নিব বুলি আশা কৰা হৈছে, যিয়ে জিলাৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে অধিক সুলভ, সহজ ,সুগম আৰু সুৰক্ষিত স্বাস্থ্য সেৱাৰ পথ প্ৰশস্ত কৰিব।
বিষয়ে জনসাধাৰণক অৱগত কৰাটো অতি প্ৰয়োজনীয় বুলি বিবেচনা কৰি ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা ব্যাপক সজাগতা অভিযান ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ অংশ হিচাপে
জিলাখনৰ চাহ বাগিচা, গ্ৰাম্য অঞ্চল আৰু চহৰ অঞ্চলসমূহত ABDM আৰু ABHA IDৰ লাভালাভ সম্পৰ্কে মাইক যোগে প্ৰচাৰ কৰাৰ লগতে, জনসজাগতা বাবে ভিডিঅ' প্ৰদৰ্শন কৰা
হৈছে। ইয়াৰ লগতে জিলাৰ সকলো চৰকাৰী চিকিৎসালয়, আয়ুষ্মান আৰোগ্য মন্দিৰ (AAM) সমূহত ABHA ID আৰু Scan and Share সেৱা সম্পৰ্কীয় বেনাৰ, ষ্টেণ্ডী প্ৰদৰ্শন, ৰাইজৰ
মাজত লিফলেট বিতৰণ কৰা হৈছে। Facebook,X আদি বিভাগৰ সামাজিক মাধ্যমৰ উপৰিও সমষ্টিগত সজাগতা সভাৰ আয়োজন কৰি ABHA ID ৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে বিস্তাৰিতভাৱে
আলোচনা কৰা হৈছে। সজাগতাৰ সমান্তৰালকৈ ABHA ID সৃষ্টিৰ হাৰ বৃদ্ধিৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে জিলা খনত। ডিব্ৰুগড় জিলাৰ বিভিন্ন চৰকাৰী কাৰ্যালয়,
বিদ্যালয় - মহাবিদ্যালয়- বিশ্ববিদ্যালয়ত বিশেষ ABHA ID সৃষ্টিৰ বাবে শিবিৰ পতা হৈছে। জিলাৰ চৰকাৰী চিকিৎসালয় আৰু আয়ুষ্মান আৰোগ্য মন্দিৰ সমূহত আভা আইডি সৃষ্টিৰ বাবে
স্থায়ী কাউণ্টাৰৰ ব্যৱস্থা কৰাৰ লগতে জিলাত অনুষ্ঠিত সকলো স্বাস্থ্য মেলা আৰু চৰকাৰী অনুষ্ঠানত আভা আই ডি সৃষ্টিৰ বাবে পৃথক কাউণ্টাৰৰ ব্যৱস্থা কৰা হৈছে। ASHA,ANM,MPW ইত্যাদি
কৰ্মীসকল দ্বাৰা গৃহ পৰিদৰ্শনৰ সময়ত ঘৰে ঘৰে গৈ ABHA ID সৃষ্টি ৰ কাম ত্বৰান্বিত কৰা হৈছে। ম'বাইল মেডিকেল ইউনিট, ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ ভ্ৰাম্যমান স্বাস্থ্য গোট সমূহকো
আভা আই ডি সৃষ্টিৰ বাবে নিয়োজিত কৰা হৈছে ।
একেদৰে, ABDM ৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ডিব্ৰুগড় জিলাত স্বাস্থ্য প্ৰতিষ্ঠান পঞ্জীয়ন (HFR ) আৰু স্বাস্থ্য কৰ্মী পঞ্জীয়ন (HPR)ৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
এতিয়ালৈকে ১,০২৯ খন স্বাস্থ্য প্ৰতিষ্ঠানক HFR ৰ আওতাত নথিভুক্ত কৰা হৈছে। ইফালে, জিলাৰ চৰকাৰী চিকিৎসক আৰু নাৰ্ছসকলৰ HPR প্ৰক্ৰিয়াও সম্পূৰ্ণ কৰা হৈছে আৰু
এতিয়ালৈকে ১,৩২৩ গৰাকী স্বাস্থ্য কৰ্মীৰ পঞ্জীয়ন সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ জৰিয়তে জিলাৰ সকলো চৰকাৰী চিকিৎসালয় আৰু স্বাস্থ্য কৰ্মীক এটা একক ডিজিটেল পৰিসৰৰ অন্তৰ্ভুক্ত
কৰা হৈছে। যাৰ ফলত ৰোগীয়ে যিকোনো চৰকাৰী চিকিৎসালয়ত উপস্থিত হ'লে তেওঁৰ ABHA ID ৰ জৰিয়তে পূৰ্বৰ চিকিৎসাৰ ইতিহাস সহজে উপলব্ধ হোৱাৰ পথ প্ৰশস্ত কৰা হৈছে।
ABDM ৰ অধীনত অন্যতম গুৰুত্বপূৰ্ণ Scan and Share সেৱাৰো পাইলট ৰূপায়ণ ডিব্ৰুগড় জিলাৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰম্ভ কৰা হৈছে। এই সেৱাই ৰোগীসকলক OPD ৰ
বাবে পঞ্জীয়নৰ দীঘলীয়া শাৰী পৰিহাৰ কৰি নিজৰ ম'বাইল ফোনেৰে হাস্পতালত উপলব্ধ QR ক'ড Scan কৰি আগতীয়াকৈ পঞ্জীয়ন সম্পূৰ্ণ কৰাত সমৰ্থ কৰে । যিয়ে ৰোগীৰ সময় ৰাহি কৰাৰ
লগতে হাস্পতালৰ পঞ্জীয়ন কক্ষত ভিৰ হ্ৰাস কৰাত সহায়ক হৈ ৰোগী আৰু সেৱা প্ৰদানকাৰীক এক সুখদ অভিজ্ঞতা প্ৰদান কৰে । অসম চিকিৎসা মহাবিদ্যালয়ত এই সেৱাৰ পাইলট পৰ্যায়ৰ
সফল ৰূপায়ণৰ পাছত পৰ্যায়ক্ৰমে জিলাৰ আন চৰকাৰী চিকিৎসালয়সমূহতো এই সেৱা সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।
এইদৰে, সজাগতা, সেৱা প্ৰদান , ক্ষেত্ৰ পৰিদৰ্শন, পৰ্যালোচনা আৰু ডিজিটেল সংযোগৰ সমন্বয়ৰ জৰিয়তে ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ বহুমুখী, সুসংহত আৰু আন্তৰিক প্ৰচেষ্টাৰ ফলত
জিলাখনত আয়ুষ্মান ভাৰত ডিজিটেল মিশ্যনৰ মূল উপাদানসমূহৰ সফল ৰূপায়ণ সম্ভৱ হৈছে। কেৱল প্ৰযুক্তিগত ৰূপায়ণতে সীমাবদ্ধ নাথাকি, জনসাধাৰণৰ মাজত ডিজিটেল স্বাস্থ্য সাক্ষৰতা
বৃদ্ধি কৰাৰ পৰা আৰম্ভ কৰি স্বাস্থ্য প্ৰতিষ্ঠান আৰু মানৱ সম্পদক একক ডিজিটেল মঞ্চৰ আওতালৈ অনা আৰু নাগৰিক সেৱাৰ সহজীকৰণৰ প্ৰতিটো দিশতে বিভাগটোৰ দূৰদৰ্শী চিন্তা আৰু
দায়বদ্ধতা পৰিলক্ষিত হৈছে।
ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ এই ধাৰাবাহিক আৰু নিৰলস প্ৰচেষ্টাই অদূৰ ভৱিষ্যতে ডিজিটেল স্বাস্থ্য পৰিস্থিতি তন্ত্ৰৰ ৰূপায়ণত ডিব্ৰুগড় জিলাক ৰাজ্যৰ ভিতৰতে এখন আদৰ্শ ডিজিটেল স্বাস্থ্য
জিলা হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত আগুৱাই নিব বুলি আশা কৰা হৈছে, যিয়ে জিলাৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে অধিক সুলভ, সহজ ,সুগম আৰু সুৰক্ষিত স্বাস্থ্য সেৱাৰ পথ প্ৰশস্ত কৰিব।