Eco-Sensitive Zone ১ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ চৰকাৰী সিদ্ধান্ত !
কংগ্ৰেছৰ ৰাজ্যজুৰি প্ৰতিবাদ
চাইন অন ডেস্ক,৩০আগষ্ট:


১০ কিলোমিটাৰৰ পৰিবেশ-সংবেদনশীল অঞ্চলৰ সুৰক্ষা হ্ৰাস কৰিলে কাজিৰঙাৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে।

সুৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ক লৈ বিভ্ৰান্তিকৰ বা ভুৱা প্ৰচাৰ বন্ধ কৰাৰ বাবেও চৰকাৰৰ প্ৰতি আহ্বান জনায়।
প্ৰতিবাদী কাৰ্যসূচীত ডিব্ৰুগড় জিলা কংগ্ৰেছৰ নেতা-কৰ্মীৰ লগতে স্থানীয় সচেতন নাগৰিক আৰু বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে।কাজিৰঙাৰ পৰিবেশ, বন্যপ্ৰাণী আৰু ভৱিষ্যৎ প্ৰজন্মৰ স্বাৰ্থত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰয়োজন সাপেক্ষে ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে কংগ্ৰেছ নেতৃত্বই।